Breaking

এটি বিশেষ ঘোষণা ! সমগ্ৰ দেশত কোনো জৰুৰী অৱস্থা বা দুৰ্যোগ হ’লে বাজি উঠিব মোবাইল…

0 311

এটি বিশেষ ঘোষণা

দূৰসংযোগ বিভাগে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত দুৰ্যোগৰ সময়ত জৰুৰীকালীন যোগাযোগ বৃদ্ধিৰ বাবে আৰু নাগৰিকসকলৰ সুৰক্ষা তথা কল্যাণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে “চেল ব্ৰডকাষ্ট এলাৰ্ট চিষ্টেম” পৰীক্ষণ আৰম্ভ কৰিছে। টেলিকম সেৱা প্ৰদানকাৰী প্ৰতিটো প্ৰতিষ্ঠানে “চেল ব্ৰডকাষ্ট এলাৰ্ট চিষ্টেম”ৰ পৰীক্ষা সম্পন্ন কৰিব। “চেল ব্ৰডকাষ্ট এলাৰ্ট চিষ্টেম” হৈছে এক অত্যাধুনিক প্ৰযুক্তি যি একোটা নিৰ্দিষ্ট ভৌগোলিক অঞ্চলৰ ভিতৰত থকা সকলো মোবাইল ফোনলৈ দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰাৰ অনুমতি দিয়ে।

ইয়াৰ দ্বাৰা জৰুৰীকালীন সময়ত গুৰুত্বপূৰ্ণ তথ্যসমূহ সময়মতে জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাটো সুনিশ্চিত কৰা হয়। চৰকাৰী সংস্থা আৰু জৰুৰীকালীন সেৱাই জনসাধাৰণক সম্ভাব্য ভাবুকিৰ বিষয়ে অৱগত কৰিবলৈ আৰু জৰুৰীকালীন সতৰ্কবাণী যেনে প্ৰতিকুল বতৰৰ সতৰ্কবাণী, চুনামি, কৃত্ৰিম বান, ভূমিকম্প আদিকে ধৰি সুৰক্ষাজনিত বাৰ্তা, জাননী আৰু অন্যান্য জৰুৰীকালীন তথ্য যোগানৰ বাবে “চেল ব্ৰডকাষ্ট” ব্যৱহাৰ কৰে।

পৰীক্ষাৰ সময়ছোৱাত জনসাধাৰণে নিজৰ মোবাইল ফোনত জৰুৰীকালীন সতৰ্কবাণী লাভ কৰিব পাৰে। ৰাইজৰ জ্ঞাতাৰ্থে জনোৱা হয় যে এই সতৰ্কবাণীসমূহ পৰিকল্পিত পৰীক্ষণ প্ৰক্ৰিয়াৰ অংশ আৰু ই প্ৰকৃত জৰুৰীকালীন অৱস্থাৰ ইংগিত নিদিয়ে। আজি অসমত এই পৰীক্ষা সম্পন্ন কৰা হ’ব। এনে সতৰ্কবাণী পৰীক্ষামূলকহে। সেয়েহে আপোনাৰ মোবাইল ফোনত এনে সতৰ্কবাণী আহিলে শংকাৰ কোনো কাৰণ নাই।

Leave A Reply