Breaking

আহি পালে হেঁপাহৰ ভোগালী বিহু! ৰহা আমনিশালীত “প্ৰদূষণমুক্ত পৃথিৱী আৰু হাতীৰ বাবে ৰোৱক কলগছ” আহ্বানেৰে ভেলাঘৰ নিৰ্মাণ…

0 49

আহি পালে হেঁপাহৰ ভোগালী বিহু! ৰহা আমনিশালীত “প্ৰদূষণমুক্ত পৃথিৱী আৰু হাতীৰ বাবে ৰোৱক কলগছ” আহ্বানেৰে ভেলাঘৰ নিৰ্মাণ। গাঁথিৰ ধন ভাঙি ১২বছৰে শিল্পী ভগৱান সেনাপতিয়ে অসমবাসীক দিছে সজাগতাৰ বাৰ্তা। অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন বাকী। ভোগালীক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভোগালী বিহুৰ পৰম্পৰা ৰক্ষা কৰি ভেলাঘৰ নিৰ্মাণত ব্যস্ত স্থানীয় লোক। চুবুৰীয়ে চুবুৰীয়ে ঢেকীৰ চাবত কপি উঠিছে চোতাল। কোনোবাই যদি খুন্দিছে খান্দহ, কোনোনোবাই আকৌ খুন্দিছে চিৰা। কোনোবাই আকৌ পিঠাগুৰিৰে বনাইছে মুঠি লাৰু, ঘিলা পিঠা, জেং পিঠা, বৰপীঠা, নাৰিকলৰ লাৰু, তিলৰ লাৰু ইত্যাদি। মুঠৰ ওপৰত অসমীয়া বোৱাৰী-কি জীয়ৰী কাৰোৰে গাত ত’ত নাই। ব্যস্ত হেঁপাহৰ ভোগালীক আদৰাৰ প্ৰস্তুতি। কিন্তু ইয়াৰ লগে লগে ব্যস্ত ভেলাঘৰ বনোৱাত। বিগত বছৰৰ দৰে এই বছৰো ৰহা আমনিশালত নতুন আহ্বান আৰু আৰ্হিৰে ভেলাঘৰ সাজিছে ভাস্কৰ্য শিল্পী ভগৱান সেনাপতিয়ে।

ব্যতিক্ৰমী চিন্তাধাৰাৰে অসমৰ জনগণক সজাগতাৰ বাৰ্তা দি প্ৰতিবছৰে বিভিন্ন আকৃতিৰ ভেলাঘৰ নিৰ্মাণ কৰি আহিছে ৰহা আমনিশালিৰ ভগৱান সেনাপতিয়ে। উল্লেখ্য যে, ২০১১ চনৰ পৰা বিভিন্ন সজাগতামূলক বাৰ্তাৰে ভেলাঘৰ নিৰ্মাণ কৰি অহা শিল্পী ভগৱান সেনাপতিয়ে একক প্ৰচেষ্টাৰে পুনৰবাৰ ৰাইজৰ দৃষ্টি আৰ্কষণ কৰিবলৈ এইবছৰো নতুন আৰ্হিত আৰম্ভ কৰিছে ভেলাঘৰ নিৰ্মাণৰ কাম । ২০১১চনত ৰংঘৰ সদৃশ ভেলাঘৰ নিৰ্মাণ কৰি অসমৰ ৰাইজৰ বিপুল সমাদৰ লাভ কৰা পাছত ২০১২ চনত টাইটানিক আকৃতিৰে নিৰ্মাণ কৰে ভেলাঘৰ। তাৰ পাছত ধাৰাবাহিক ভাৱে ২০১৩ চনত বীণা সদৃশ ভেলাঘৰ, ২০১৪ “ঈগল পৃথিৱী’ ,২০১৫ বৰ্ষত শান্তিৰ কপৌ , ২০১৬ বৰ্ষত ‘ গঁড় বচাওক , অসমৰ মান ৰাখক ‘,২০১৭চনত গঁড আৰু প্ৰকৃতি, ২০১৮ গঁড়,গছ আৰু নাও, ২০১৯ চনত বৃহত আকাৰৰ গছ(গছ ৰোৱক প্ৰকৃতি বচাওক), ২০২০ “ক’ৰণা ভাইৰাছৰ পৰা পৃথিৱীক বচীওক,২০২১ চনত “ভেকচিন লওঁক ধৰাক মুক্ত কৰক” ২০২২চনত “হাতী মানুহৰ সংঘাত” আৰু ২০২৩ চনত “পৃথিৱীক প্ৰদুষণৰ পৰা মুক্ত কৰক আৰু হাতীৰ বাবে কলগছ ৰোৱক আৰু হাতী-মানুহৰ সংঘাট ৰোধ কৰক” আদি বাৰ্তাৰে প্ৰতীকী ৰূপত ভেলাঘৰ সাজি উলিয়াইছে। সেনাপতিৰ এনে কৰ্মউ বহুজনৰ হৃদয় জয় কৰিছে। এইবছৰৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে প্ৰায় ৯০ শতাংশ নিৰ্মাণ কাৰ্য। সম্পূৰ্ণ একক প্ৰচেষ্টাৰে কোনো চৰকাৰী সহায় নোহোৱাকৈ ভগৱান সেনাপতিয়ে স্হানীয় যুৱক সকলৰ সহায়ত নিৰ্মাণ কৰি উলিওৱা আমনিশালীৰ এই ভেলাঘৰ এতিয়া সকলোৰে বাবে হৈ উঠিছে আৰ্কষণৰ কেন্দ্ৰ । কেৱল খেৰ, বাঁহেৰে নিৰ্মাণ কৰা ভেলাৰঘৰটি নিৰ্মাণত এইবৰ্ষত খৰছ হৈছে প্ৰায় ৮০হাজাৰ টকা। কেতিয়াবা যদি পুখুৰীৰ মাছ বিক্ৰী কৰিছে, কেতিয়াবা আকৌ ফাৰ্মৰ হাঁহ বিক্ৰি কৰিছে। কেতিয়াবা আকৌ বন্ধন বেংক অথবা মাইক্ৰ’ফাইনেন্সৰ পৰা লোণ লৈ সাজিছে ভেলাঘৰ। কিন্তু এবাৰ মাত্ৰ চৰকাৰৰ পৰা ৫০ হাজাৰ টকা এককালীন সাহাৰ্য লাভ কৰিছে শিল্পী গৰাকীয়ে।

অতি পৰিতাপৰ বিষয় যে, তিৱা স্বায়ত্ব পৰিষদৰ এলেকাধীন শিল্পী গৰাকীক স্বায়ত্ব পৰিষদৰ পৰা কেইবাবাৰো সহায় কৰাৰ আশ্বাস দিছিল যদিও আজিও নাপালে সহাৰি। কিন্তু ৰাইজৰ বাবে প্ৰতি বছৰে বছৰে নতুন নতুন বাৰ্তা লৈ গাঁঠিৰ ধন ভাঙি ৰাইজক কৰিছে সজাগতা। যিটো সময়ত বৰ্তমানৰ ৰাজ্য চৰকাৰে বিভিন্ন দিশত সজাগতামূলক বিষয়ত হাজাৰ হাজাৰ টকাৰে বাতৰি কাকত, টেলিভিছনত বিজ্ঞাপনৰ নামত খৰছ কৰিছে, তেনে সময়তে শিল্পী ভগৱান সেনাপতিয়ে নিজৰ গাঁথিৰ ধন ভাঙি অসমবাসীক কৰি আহিছে সজাগতা। আৰ্থিক নাটনিৰ স্বত্বেও শিল্পী ভগৱান সেনাপতিয়ে অৱ্যাহত ৰাখিছে সৃষ্টি কৰ্ম। এনে সময়ত শিল্পী গৰাকীক প্ৰয়োজন হৈছিল চৰকাৰৰ সহায়। কিন্তু ৰাজ্য চৰকাৰে এনে শিল্পী সকলৰ সৃষ্টি ৰাজি অথবা শিল্পী সত্বাক কেতিয়া গুৰুত্ব দিব অথবা সুদৃষ্টি পৰিব সেয়া সযময়েহে কব যদিএ সচেতন মহলে শিল্পী গৰাকীক সহায় কৰিবলৈ চৰকাৰক আহ্বান জনাইছে।

Leave A Reply