Breaking

এটা ন’ বলে কাঢ়িলে বিশ্বকাপৰ স্বপ্ন…

0 2,049

ৰুদ্ধশ্বাস অন্তিম অ’ভাৰ। এটা ন’ বলৰ বাবেই জয়ী হ’ল দক্ষিণ আফ্ৰিকা। দীপ্তি শৰ্মাৰ এটা ন’ বলৰ বাবে সামৰণি পৰিল বিশ্বকাপৰ যাত্ৰা। বিশ্বকাপৰ পৰা বাহিৰ হ’ল মিতালী ৰাজ বাহিনী। ছেমিফাইনেলত প্ৰৱেশৰো বাট ৰুদ্ধ হৈ পৰিল ভাৰতৰ। মন কৰিবলগীয়া যে, দক্ষিণ আফ্ৰিকাক ২ টা বলত ৩ ৰানৰ প্ৰয়োজন আছিল। ডুপ্ৰিজে দীপ্তি শৰ্মাৰ বলত এটা ছয় মাৰিবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁৰ শ্বট গৈ পৰে হৰমনপ্ৰীতৰ হাতত। ভাৰতীয় ক্ৰিকেটাৰসকলে কৰিবলৈ লৈছিল চেলিব্ৰেছন।

ডুপ্ৰিজেও হতাশ মনে ড্ৰেছিং ৰুমলৈ বাট লৈছিল। তেতিয়াই খেলপথাৰত থকা আম্পায়াৰে তেওঁক ৰবলৈ কয়। তৃতীয় আম্পায়াৰৰ সৈতে কথা পতাৰ পাছত ন’ বল ঘোষণা কৰে। ৰিপ্লে চোৱাৰ পাছত, ধাৰাভাষ্যকাৰসকলে কয়, তৃতীয় আম্পায়াৰে এটা অতি কঠিন সিদ্ধান্ত লৈছে। অন্তিম বলত দলটোক ১ ৰানৰ প্ৰয়োজন আছিল। ডুপ্ৰিজে মিড-উইকেটত বলটো মাৰি দলটোক জয়ৰ সোৱাদ দিয়ে।

এই পৰাজয়ৰ লগে লগে সামৰণি পৰে ভাৰতৰ বিশ্বকাপ যাত্ৰা। গুৰুত্বপূৰ্ণ মেচখনত দক্ষিণ আফ্ৰিকাৰ হাতত ৩উইকেটত পৰাস্ত হয় ভাৰত। প্ৰথমে বেট কৰি ভাৰতে ৭ উইকেট হেৰুৱাই নিৰ্ধাৰিত অ’ভাৰত ২৭৪ৰান কৰে। স্মৃতি-মিতালীৰ চমকপ্ৰদ বেটিং প্ৰদৰ্শনে ভাৰতক দিছিল অগ্ৰগতি। বেটিং প্ৰদৰ্শনত উজলি উঠিল ছেফালী বাৰ্মা আৰু হৰমনপ্ৰীত কৌৰ। বিপৰীতে, ভাৰতে বান্ধি দিয়া লক্ষ্যৰ চোঁচা লোৱা দক্ষিণ আফ্ৰিকাই ৭উইকেট হেৰুৱাই জয় লাভ কৰে।

Leave A Reply