টিংখাঙত ভতিজা জোঁৱাইৰ প্ৰৱঞ্চনাৰ বলি হ’ল এগৰাকী স্বামীহীন মহিলা। সৰ্বমুঠ ১৭ লাখ ৮১ হাজাৰ টকা কৌশলেৰে লুটি নিলে ভতিজা জোঁৱায়েকে । ৰোগীয়া পুত্ৰৰ চিকিৎসাৰ বাবেও এতিয়া হাহাকাৰ অৱস্থা। পলাতক প্ৰৱঞ্চক জোঁৱাই। অতি বিশ্বাসেই কাল হল এগৰাকী স্বামীহীন দুভগীয়া মহিলাৰ । নিজৰ ভতিজা জোঁৱায়েকৰে প্ৰৱঞ্চনাৰ বলি হল টিংখাঙৰ মহিলা। এটকা দুটকা নহয় ১৭ লাখ ৮১ হাজাৰ টকা ঠগ প্ৰৱঞ্চনাৰে হৰলুকী কৰি অন্তৰ্ধান হ’ল জোঁৱায়েক শংকৰ ভগৎ । এই ঘটনা সংঘটিত হৈছে টিংখাঙৰ ৰাজগড় আৰক্ষী চকীৰ অন্তৰ্গত পিঠাপথাৰত। প্ৰয়াত পৰশুৰাম প্ৰসাদ মালিৰ চৰকাৰী চাকৰিৰ অৱসৰৰ সকলো ধন অতি কৌশলেৰে হৰলুকী কৰিলে নাহৰকটীয়া আলুপট্টিৰ শংকৰ ভগৎ নামৰ যুৱকজনে। প্ৰয়াত পৰশুৰাম প্ৰসাদ মালিৰ একমাত্ৰ সন্তান দীৰ্ঘদিন ধৰি মগজুৰ এক জটিল ৰোগত আক্ৰান্ত হৈ থকাত তেওঁক চিকিৎসাৰ বাবে ভেলুৰলৈ তিনিমাহৰ মূৰে মূৰে নিব লাগে। যাৰ বাবে প্ৰয়োজন বহু পৰিমাণৰ ধনৰ।

প্ৰয়াত পৰশুৰাম প্ৰসাদ মালিৰ পত্নীয়ে ভতিজা জোঁৱাই শংকৰ ভগতক লগত লৈ পুত্ৰ পৱন কুমাৰ মালিক চিকিৎসাৰ বাবে ভেলুৰলৈ যায়। ভেলুৰত চিকিৎসা কৰি থকাৰ সময়তে তেওঁলোকৰ বেংক একাউণ্টত ধন থকা বুলি জানিব পাৰি অতি কৌশলেৰে গুগল পে’ৰ জৰিয়তে ১২ লাখ ৪১ হাজাৰ টকা শংকৰ ভগতে নিজৰ একাউণ্টলৈ ট্ৰান্সপাৰ কৰি ভেলুৰৰ পৰাই অন্তৰ্ধান হয়। ইয়াৰ পূৰ্বে মাটি ক্ৰয় কৰিবৰ বাবে ৫ লাখ ৪০ হাজাৰ লৈছিল। ভেলুৰৰ চিকিৎসালয়ত পুত্ৰৰ চিকিৎসাৰ বিল পৰিশোধ কৰিবলৈ একাউণ্টত ধন নেদেখি হাহাকাৰ লাগে তেওঁলোকৰ মাজত। পুনৰ আন এজন ভতিজাকে তেওঁলোকক তাৰ পৰা উদ্ধাৰ কৰি আনে। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ভুক্তভুগী পৰিয়ালটোৱে স্থানীয় ৰাজগড় আৰক্ষী চকীত গোচৰ তৰিছে যদিও এই পৰ্যন্ত ধন লৈ অন্তৰ্ধান হোৱা শংকৰ ভগতৰ কোনো সন্ধান পোৱা নাই আৰক্ষীয়ে ।
ইফালে তিনি মাহৰ মূৰে মূৰে ভেলুৰত চিকিৎসা কৰিব লগীয়া পুত্ৰৰ চিকিৎসাও কৰিব পৰা নাই মাতৃ শ্ৰদ্ধা মালিয়ে। পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হোৱা পৰিয়ালটোৱে এতিয়া ন্যায় বিচাৰি কাষ চাপিছে সংবাদ মাধ্যমৰ। এতিয়া টিংখাং আৰক্ষীয়ে প্ৰৱঞ্চক শংকৰ ভগতক কৰায়ত্ব কৰি ন্যায় দিব পাৰিবনে প্ৰৱঞ্চনাৰ বলি হোৱা দুৰ্ভগীয়া মহিলাগৰাকীকক ৷

