Jadav Goswami jatiya vidyalaya: যাদৱ গোস্বামী জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী অনুষ্ঠানৰ সফল সমাপ্তি

ঐতিহ্যমণ্ডিত বৃহত্তৰ ছয়দুৱাৰ অঞ্চলৰ ছহীদ নগৰী বৰঙাবাৰীস্থিত(Jadav Goswami jatiya vidyalaya) জাতীয় শিক্ষাৰ অন্যতম ধ্বজাবাহী যাদৱ গোস্বামী জাতীয় বিদ্যালয়ে গৌৰৱোজ্জল ৰূপালী জয়ন্তী বৰ্ষত উপনীত হৈছে। বিগত ১৮,১৯ আৰু ২০ এপ্ৰিল তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিদ্যালয়খনৰ ৰূপালী জয়ন্তী অনুষ্ঠান অনুষ্ঠিত হয়।

অনুষ্ঠানৰ প্ৰথমদিনাৰ পুৱা উদযাপন সমিতিৰ সভাপতি অধ্যাপক খগেন গোস্বামীৰ লগতে অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰৰ বহুকেইজন আগশাৰীৰ লোকৰ উপস্থিতিত ২৫ খন পতাকা উত্তোলনেৰে অনুষ্ঠানৰ আৰম্ভণি হয়। ইয়াৰ পাছতে বিদ্যালয়ৰ প্ৰয়াত প্ৰতিষ্ঠাপক সদস্য আৰু জাতীয় জীৱনৰ সকলো সদস্য়লৈ শ্ৰদ্ধাঞ্জলী জনোৱা হয়। ইপিনে ৰূপালী জয়ন্তী উপলক্ষে ওলোৱা সাংস্কৃতিক শোভাযাত্ৰাত অঞ্চলটোৰ কেইবাখনে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বিদ্যালয়ৰ ন-পুৰণিসকলো শিক্ষাৰ্থীয়ে বিভিন্ন বিষয়বস্তু উপস্থাপন কৰে। এই শোভাযাত্ৰাৰ শুভ উন্মোচন কৰে বিশিষ্ট অভিনেতা জ্যোতি ভূঞাই।

দ্বিতীয় দিনাৰ কাৰ্যসূচীত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সন্মিলনত বিদ্যালয়খনৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৰ্তমান বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াই থকা প্ৰাক্তন শিক্ষাৰ্থীসকলে নিজৰ অনুভৱ উপস্থিত ৰাইজৰ আগত আগবঢ়ায়। নিশালৈ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়।

অন্তিম দিনা মূল সভাৰ আঁত ধৰে বিদ্যালয়খনৰ শিক্ষক ৰীপাঙ্কৰ শইকীয়া আৰু প্ৰাক্তন ছাত্ৰী সুভাশ্ৰি বাৰিকে। মূল সভাত উপস্থিত থাকে অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সচিব নাৰায়ন শৰ্মা, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য, ভাৰত চৰকাৰৰ অৱসৰ প্ৰাপ্ত কৰ আয়ুক্ত হেমন্ত বিজয় মহন্ত, ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কিশোৰ সিং ৰাজপুতৰ লগতে বহু গণ্যমান্য ব্যক্তি। এই সমাৰোহৰ মুখ্য আকৰ্ষণ ‘ৰূপালী আভা’ শীৰ্ষক স্মৃতি গ্ৰন্থ উন্মোচন কৰে অধ্যাপক তথা সুসাহিত্যিক দিগন্ত গোহাইয়ে। ইপিনে সাংস্কৃতিক কাৰ্যসূচীৰ গোৱালপৰীয়া লোকগীতৰ সাধক বেবী ভূঞাই উন্মোচন কৰে। অনুষ্ঠানত বেবী ভূঞাৰ লগতে পাহাৰী শইকীয়া আৰু মণ্টুমনি শইকীয়াই গীত পৰিৱেশন কৰি উপস্থিত দৰ্শকক আপ্লুত কৰে।

Related Articles