Breaking

Jafa Achiever Awardৰ বিভিন্ন শিতানৰ বঁটা ঘোষণা…

0 65

ৰাজ্যৰ সাংবাদিক – সংবাদকৰ্মীৰ উমৈহতীয়া মঞ্চ জাৰ্নেলিষ্ট এচোছিয়েশ্যন ফৰ আছাম চমুকৈ জাফা’ই ২০২৩-২৪ বৰ্ষৰ Jafa Achiever Award ৰ বিভিন্ন শিতানৰ বঁটা প্ৰাপকৰ নাম সমুহ আজি ঘোষণা কৰে। ২০২৩-২৪ বৰ্ষৰ Jafa Achiever Award ৰ বিভিন্ন শিতানৰ বটা প্ৰাপক সকল হ’ল ক্ৰমে –

Journalism শিতানত

পৰম প্ৰকাশ গগৈ ( অসমীয়া প্ৰতিদিন)

দিগন্ত ডেকা (দৈনিক জনমভূমি)

সঞ্জীৱ কলিতা ( দৈনিক পূৰ্বোদয়)

ৰাণা ডেকা ( এন কে টিভি)

মমতা মিশ্ৰ (দ্য আসাম ট্ৰিবিউন)

Photo Journalism শিতানত
আব্দুল চাজিদ (ইউ বি ফটো)

Video Journalism শিতানত
কুমাৰ নৃপেন্দ্ৰ ৰাজবংশী ( নিউজ ১৮ অসম নৰ্থ ইষ্ট)

News Anchor শিতানত
মঞ্জুশ্ৰী কলিতা
( নিউজ লাইভ)

Sports Journalism শিতানত
সুবোধ মল্ল বৰুৱা( দৈনিক অসম)

Best School Of Journalism শিতানত
ইনষ্টিটিউট অৱ মাছ কমিউনিকেশ্বন এণ্ড মিডিয়া ষ্টাডিছ গুৱাহাটী

For Excellence In Police Service শিতানত
নিতুল গগৈ ( আই জি পি, এডমিন, অসম আৰক্ষী)

Dynamic Youth Leadership শিতানত
গীতাৰ্থ গোস্বামী
( সদস্য সচিব ,এচ এল এ চি )

For Excellence In Medical Service শিতানত
হেল্থ চিটি হাস্পতাল, গুৱাহাটী

Inspiring Educationist শিতানত
ড° ৰণজিৎ ডেকা
( অধ্যক্ষ তথা পৰিচালন সঞ্চালক , আনন্দৰাম বৰুৱা একাডেমী পাঠশালা )

Inspiring Personality শিতানত
অকণ শইকীয়া ( সমাজকৰ্মী তথা উদ্যোগী)

Social Service শিতানত
মহাজন ক্ৰ ( সমাজকৰ্মী)

Social Influencer শিতানত
সময় গগৈ (ইউটিউবাৰ)

Popular Singer শিতানত
পাপৰি গগৈ ( কণ্ঠশিল্পী)

For Entrepreneur শিতানত
নিপুল কলিতা ( উদ্যোগী)

For youth Activisit শিতানত
বিদ্যুত বিকাশ বৈশ্য ( যুৱ ৰাজনীতিক)

অহা ৬ জানুৱাৰীত দিছপুৰ লাষ্টগেটৰ লোক নিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এক অনুষ্ঠানত Jafa Achiever Award ৰ বঁটা সমূহ প্ৰদান কৰা হ’ব। আনহাতে এই অনুষ্ঠানতে ৰাজ্যৰ আন কেইজনমান সমাজকৰ্মী, চিকিৎসক, ছাত্ৰ নেতা, ৰাজনীতিকক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হ’ব। এই অনুষ্ঠানত সম্বৰ্ধিত হ’ব লগা বিশিষ্ট ব্যক্তি সকল হ’ল ক্ৰমে – ভৰত শৰ্মা, ৰিকেশ আগৰৱালা, নুৰুল হক চৌধুৰী, প্ৰশান্ত ইংতি, যোগেশ তামুলী, ডা: নিতুল দাস, ঋষিকেশ কলিতা, জেঠমাল মালো আদি।

জাফা’ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদ্বীপ চৌধুৰী, সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়, কাৰ্যকৰী সভাপতি পংকজ ডেকা, মুখ্য সাংগঠনিক সম্পাদক কুশল শইকীয়াই আজি এক বিবৃতি যোগে Jafa Achiever Awardৰ বঁটা প্ৰাপকৰ নাম সমুহ ঘোষণা কৰে। উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ২১ গৰাকী গ্ৰাম্য সাংবাদিককো সেই দিনাই জাফা’ই বঁটা প্ৰদানৰে সন্মানিত কৰিব।

Leave A Reply