Jagannath Rath Yatra 2025: আজিৰে পৰা আৰম্ভ পুৰীৰ জগন্নাথ ৰথযাত্ৰা: উখল-মাখল পৰিৱেশত ভক্তিসমূহিত পুৰী


দীক্ষিতা গোস্বামী, ২৭ জুন: Jagannath Rath Yatra 2025 আজিৰ পৰা শুভ আৰম্ভণি হ’ল পুৰীৰ পৱিত্ৰ জগন্নাথ ৰথযাত্ৰাৰ। ভাৰতৰ অন্যতম বৃহৎ আৰু জনপ্ৰিয় ধৰ্মীয় উৎসৱ হিচাপে বিবেচিত এই ৰথযাত্ৰা প্ৰতিবছৰে ওড়িশাৰ পুৰীত অনুষ্ঠিত হয়। লাখ লাখ ভক্তৰ সমাগমত অনুষ্ঠিত হোৱা এই পবিত্ৰ উৎসৱত ভগৱান জগন্নাথ, তেওঁৰ ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাৰ বাবে নিৰ্মিত বিশেষ ৰথত মন্দিৰৰ পৰা ৩ কিমি দূৰত থকা ঘুনুচা মন্দিৰলৈ শোভাযাত্ৰা অনুষ্ঠিত হয়। তাত ৯ দিন ৰখা হয় ভগৱান জগন্নাথসহ বলোভদ্ৰ আৰু সুভদ্ৰাৰ মূৰ্তি।

এই বৰ্ষৰ ৰথযাত্ৰা ১২ দিন ধৰি চলিব আৰু ৮ জুলাইত পূৰ্ণতা লাভ কৰিব। আজি পুৱা ৰথ উলিওৱাৰ পূৰ্বে পুৱা ৪ বজাৰ সময়ত আৰতিত অংশ লৈ ভক্তি প্ৰকাশ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ১২ দিন ধৰি চলিবলগীয়া ৰথ যাত্ৰাৰ বাবে প্ৰসাদ প্ৰেৰণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

এই ৰথযাত্ৰাৰ সূচনা দ্বাদশ শতিকাত হৈছিল বুলি মনা হয়। বিশেষকৈ ওড়িশাৰ গজাপতি ৰাজবংশৰ শাসনকালত এই উৎসৱ অধিক জনপ্ৰিয় হৈ পৰিছিল। ইয়াৰ লগত জড়িত আধ্যাত্মিকতা, ঐতিহাসিকতা আৰু জনবিশ্বাসে এই উৎসৱক অধিক গৌৰৱান্বিত কৰি তোলে।

ৰথযাত্ৰাৰ পূৰ্বদিনে ‘স্নান পূৰ্ণিমা’ উপলক্ষে ভগৱান জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰাক সুগন্ধি জল আৰু পৱিত্ৰ সামগ্ৰীৰে ভৰা ১০৮টা পাত্ৰ ব্যৱহাৰ কৰি স্নান কৰোৱা হয়। লগতে, এই ৰথযাত্ৰাৰ বাবে নিৰ্মিত তিনিখন ৰথো যথাযোগ্য বিধানৰে স্নান কৰি পবিত্ৰ কৰা হয়।

ভক্তসকলৰ বাবে পুৰী হৈছে এক আধ্যাত্মিক আকৰ্ষণৰ কেন্দ্রস্থল। জগন্নাথ মন্দিৰৰ উপৰিও পুৰীৰ আন কেইবাটাও পবিত্ৰ স্থান যেনে ঘুনুচা মন্দিৰ, মাৰ্কণ্ডেশ্বৰ মন্দিৰ আৰু লোকনাথ মন্দিৰলৈ ভক্তসকলৰ ওলা-চলা লাহে লাহে বৃদ্ধি পাইছে।

বিশাল জনসমাগম, শ্ৰদ্ধাৰ উচ্ছ্বাস আৰু পৰম্পৰাগত ভক্তিভাৱৰে পৰিপূৰ্ণ এই উৎসৱ কেৱল এটা ধৰ্মীয় অনুষ্ঠান নহয়—ই হৈছে ভাৰতীয় সংস্কৃতি, ঐতিহ্য আৰু বিশ্বাসৰ এক উজ্জ্বল প্ৰতীক।

Related Articles