উপ-ৰাষ্ট্ৰপতি ধনখড়ৰ আচৰিত পদত্যাগ, গৌৰৱ গগৈৰ প্ৰশ্ন, মোদীৰ সুস্বাস্থ্য কামনা , স্বাস্থ্যজনিত কাৰণ দেখুৱাই পদত্যাগ, কংগ্ৰেছৰ কেন্দ্ৰীয় চৰকাৰক স্পষ্টীকৰণৰ দাবী ।Vice President Jagdeep Dhankhar

নতুন দিল্লী, ২৩ জুলাইঃVice President Jagdeep Dhankhar
৭৪ বছৰীয়া উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আচৰিতভাৱে পদত্যাগ কৰাৰ ঘটনাই ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ২০২২ চনৰ আগষ্ট মাহত উপ-ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত ধনখড়ৰ কাৰ্যকাল ২০২৭ চনলৈকে অৱধাৰিত আছিল। কিন্তু চলিত বৰ্ষাকালীন সংসদীয় অধিৱেশনৰ প্ৰথম দিনটোতে তেওঁ পদত্যাগ কৰে।

ধনখড়ে স্বাস্থ্যজনিত কাৰণ দেখুৱাই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে আৰু পদত্যাগটো তাৎক্ষণিকভাৱে কাৰ্যকৰী হয়। কিছুমাহ আগতেই তেওঁ দিল্লীৰ AIIMS-ত এঞ্জিওপ্লাষ্টি কৰাইছিল আৰু মাৰ্চ মাহত চিকিৎসালয়তো ভৰ্তি হৈছিল।

তেওঁৰ এই হঠাৎ সিদ্ধান্তলৈ বিৰোধীয়ে গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। লোকসভাত কংগ্ৰেছৰ উপ-দলপতি গৌৰৱ গগৈয়ে এক্সত প্ৰকাশ কৰা এখন পোষ্টত পদত্যাগক “আশ্চৰ্যজনক” বুলি আখ্যা দিয়ে আৰু কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত সন্দৰ্ভত পূৰ্বৰ কোনো তথ্য আছিল নে নাই সেয়া স্পষ্ট কৰিবলৈ দাবী কৰে।

গগৈয়ে কয়,
“তেওঁলোকৰ পূৰ্বৰ তথ্য আছিল নেকি আৰু মসৃণ পৰিৱৰ্তনৰ পৰিকল্পনা কৰিছে নেকি সেয়া স্পষ্ট কৰাটো কেন্দ্ৰীয় চৰকাৰৰ কাম। উপ-ৰাষ্ট্ৰপতিৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত কালি জ্যেষ্ঠ মন্ত্ৰীসকলৰ অনুপস্থিতিয়ে এতিয়া আৰু অধিক তাৎপৰ্য বহন কৰিছে।”

ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সত পোষ্ট কৰি ধনখড়ৰ সুস্বাস্থ্য কামনা কৰি কয়,
“শ্ৰী জগদীপ ধনখড় জীয়ে ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰূপে দেশ সেৱাৰ বহু সুযোগ লাভ কৰিছে। তেওঁৰ সুস্বাস্থ্য কামনা কৰিছোঁ।”

ধনখড়ৰ পদত্যাগৰ এদিন পিছতে মঙলবাৰে ৰাজ্যসভা উপাধ্যক্ষ হৰিবংশৰ অধ্যক্ষতাত সদনৰ পুৱা বৈঠক চলাইছিল। কিয়নো উপ-ৰাষ্ট্ৰপতিয়েই ৰাজ্যসভাৰ অধ্যক্ষ হোৱাৰ বাবেই সাধাৰণতে ধনখড়ে দিনৰ আৰম্ভণিত সদনৰ কাৰ্যবাহী দিশ পৰিচালনা কৰিছিল।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে ধনখড়ৰ পদত্যাগ সন্দৰ্ভত এক প্ৰসংগত কয় যে,
“কালি দিনৰ ১২:৩০ বজাত তেওঁ ব্যৱসায়িক পৰামৰ্শদাতা সমিতিৰ অধ্যক্ষতা কৰিছিল, আৰু তাৰ পিছত দুপৰীয়া ১ বজাৰ পৰা ৪:৩০ বজাৰ ভিতৰত কিবা গুৰুত্বপূৰ্ণ ঘটনা ঘটিল যাতে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু কিৰেন ৰিজিজু সেই বৈঠকত উপস্থিত নহ’ল।”

তেওঁ লগতে উল্লেখ কৰে যে ধনখড় নিয়ম-নীতি আৰু শিষ্টাচাৰৰ ক্ষেত্ৰত অতি সজাগ আছিল, আৰু নিজৰ কাৰ্যকালত এই নিয়মবোৰ অগ্ৰাহ্য হোৱা বুলি উপলব্ধি কৰিছিল।

এই হঠাৎ পদত্যাগৰ পটভূমিত কেন্দ্ৰীয় চৰকাৰৰ পৰা বৰ্তমানলৈকে কোনো স্পষ্ট মন্তব্য পোৱা হোৱা নাই। এতিয়া ৰাজনৈতিক মহলত এই পদত্যাগৰ অন্তৰ্নিহিত কাৰণ আৰু সম্ভাৱ্য পৰিৱৰ্তনৰ বিষয়ে চৰ্চা অব্যাহত আছে।

Related Articles