Breaking

উত্তৰ-পূৱ বিদ্যালয় দবা প্ৰতিযোগিতাত খিতাপ অৰ্জন কাহিলীপাৰাৰ মডাৰ্ণ ইংলিছ স্কুলৰ ছাত্ৰ জগজিৎ সিন্হাৰ…

0 32

অসম জাতীয় বিদ্যালয়ত অনুষ্ঠিত হোৱা একাদশ ৰক্তাভ দত্ত চৌধুৰী সোঁৱৰণী উত্তৰ-পূৱ বিদ্যালয় দবা প্ৰতিযোগিতা, ২০২৪ৰ উদ্বোধনী শাখাত সফলতা অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ’ল গুৱাহাটীৰ কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ জগজিৎত সিন্হাই। শিক্ষাৰ্থীগৰাকীয়ে প্ৰতিযোগিতাত ভাগ লৈ খিতাপ অৰ্জন কৰাৰ পিছত আনন্দ ব্যক্ত কৰি মডাৰ্ণ ইংলিছ স্কুলৰ দবা প্ৰশিক্ষক টি এইচ বিপিন সিংহই কয়, “মুকলি শাখাত জগজিতৰ এই অভিনৱ প্ৰদৰ্শনে তেওঁৰ নিষ্ঠা আৰু দক্ষতাৰ প্ৰতিফলন ঘটাইছে। তেওঁৰ এই সাফল্যই আমাৰ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা আন শিক্ষাৰ্থীসকলৰ মাজত জগজিৎ উজ্বলি উঠা দেখি আমি নথৈ সুখী অনুভৱ কৰিছোঁ।’’

উল্লেখ্য যে, অসম জাতীয় বিদ্যালয় চৌহদত অনুষ্ঠিত একাদশ ৰক্তাভ দত্ত চৌধুৰী সোৱৰণী উত্তৰ-পূৱ বিদ্যালয় দবা প্ৰতিযোগিতাখনৰ সফলতাপূৰ্বক সামৰণি পৰে। প্ৰতিযোগিতাখনৰ মুকলি শাখাত মডাৰ্ণ ইংলিছ স্কুলৰ জগজিৎ সিন্হাই খিতাপ দখল কৰাৰ বিপৰীতে দিল্লী পাব্লিক স্কুলৰ সৰস্বত ডেকাই প’ন গ্ৰুপত খিতাপ অৰ্জন কৰে। ইয়াৰোপৰি, প্ৰতিযোগিতাৰ ৰেপিড্ ইভেণ্টত প্ৰথম স্থান দখল কৰে মাৰিয়া পাব্লিক স্কুলৰ তন্ময় ৰাজবংশীয়ে। দবা প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ দলৰ সন্মানীয় খিতাপ লাভ কৰে গুৱাহাটীৰ দিল্লী পাব্লিক স্কুলে।

Leave A Reply