ধুবুৰী আদাবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৰোৱা দ্বিতীয় খণ্ড গাঁৱত জল জীৱন মিচন আচঁনি শুভ উদ্ধোধন

 বিধায়ক নজৰুলৰ হ’কৰ তৎপৰতাত জল জীৱন মিচনৰ আচঁনিৰ অধীনত ৭৫ লাখ ৫০ হাজাৰ টকা ব্যয় কৰি আদাবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৰোৱা দ্বীতৃয় খণ্ড গাঁৱত জল জীৱন মিচন খোৱা পানীৰ যোগান আচঁনি শুভ উদ্ধোধন কৰে বিধায়কৰ সহায়ক হানিফ আলী। ভীষন প্ৰসংগত তেও কয়-এমুঠি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছিল সাধাৰণ ৰাইজৰ অৱশ্যে আজিৰে পৰা মুকলি কৰা হ’ল বিশুদ্ধ খোৱা পানীৰ যোগান আচঁনি।আজিৰ এই উদ্ধোধনি সভাত উপস্থিত থাকে এআই ইউ ডি এফ দলৰ ৰাজ্যিক সম্পাদক জাকিৰ হুচেইন খন্ডুকাৰ, আব্দুল হাই, জন স্বাস্হ্য কাৰিগৰী বিভাগৰ জুনিয়ৰ ইঞ্জিনিয়াৰ,ময় হুচইনবিভাগীয় কৰ্তৃপক্ষ, পঞ্চায়তৰ মুৰব্বী সকলৰ লগতে  এ,আই,ইউ,ডি,এফ, দলৰ কৰ্মী সকল উক্ত আচনীৰ আৰম্ভ হোৱাত ৰাইজৰ মাজত আনন্দৰ সৃষ্টি হৈছে। 

Related Articles