ভাৰত চৰকাৰৰ এখন অভিলাষী আঁচনি হৈছে জল জীৱন মিছন। বিশ্বনাথ জিলাত এই অভিলাষী আঁচনিখন সফলভাৱে ৰূপায়ণ কৰাৰ বাবে স্থানীয় বিধায়ক সকলৰ লগতে জিলা প্ৰশাসনে বিশেষ পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে। বিশ্বনাথ জিলাৰ বিহালী সমষ্টিত বিধায়ক ৰঞ্জিত দত্ত নেতৃত্বত এই জল জীৱন মিছন আঁচনিখনৰ জৰিয়তে সমষ্টিটো সকলো লোককে পৰ্যাপ্ত বিশুদ্ধ খোৱাপানী যোগান পাই তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ।ইফালে শনিবাৰে সমষ্টিটো গাংমৌথান গাওঁ পঞ্চায়ত অন্তৰ্গত শান্তিপূৰ মাজগাওঁ পানী যোগান আচঁনি খন জল জীৱন মিছনৰ অধীনত পানী যোগান আচঁনি খন প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰঞ্জিত দত্তই মুকলি কৰে।

মুকলি কৰা অনুষ্ঠানত উপস্থিত থাকে বিশ্বনাথ মহকুমা জন স্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা তুলশী কলিতা, গাওঁ গাওঁ পঞ্চায়ত সভাপতি মুন্দ্ৰি দাস, বিহালী খণ্ড উন্নয়ন বিষয়াকে ধৰি বহু কেইজন লোক উপস্থিত থাকে।আনহাতে বিধায়ক ৰঞ্জিত দত্তই আচঁনি খন মুকলি কয় এই আচঁনি জৰিয়তে এতিয়া অঞ্চলটো ৰাইজে বিশুদ্ধ খোৱা পানী লাভ কৰিব এতিয়া পৰা বিশুদ্ধ খোৱা পানী বাবে কোনো হাহাকাৰ পৰিস্থিতি সৃষ্টি নহয়।শীঘ্ৰে সমষ্টিটো প্ৰতি ঘৰে ঘৰে এই আচঁনি জৰিয়তে বিশুদ্ধ খোৱা পানী যোগান ধৰা হ’ব বুলি প্ৰকাশ কৰে বিধায়ক ৰঞ্জিত দত্তই।

