Breaking

জম্মু-কাশ্মীৰৰ কুলগামত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষত, নিহত তিনি সন্ত্ৰাসবাদী…

0 32

জম্মু-কাশ্মীৰ এনকাউণ্টাৰঃ ভাৰতীয় সেনাই জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী নিৰ্মূলৰ কাৰ্যত ধাৰাবাহিকভাৱে ব্যস্ত। জম্মু-কাশ্মীৰৰ কুলগামত ভাৰতীয় সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। লস্কৰ-ই-তৈবাৰ তিনিজন সন্ত্ৰাসবাদীক নিহত। বৰ্তমান অনুসন্ধান অভিযান চলি আছে। আচলতে কুলগামৰ ছামনু অঞ্চলত বৃহস্পতিবাৰৰ পৰা (১৬ নৱেম্বৰ) এই এনকাউণ্টাৰ আৰম্ভ হৈছিল। বৰ্তমান নিৰাপত্তাৰক্ষীৰ যৌথ অভিযান চলি আছে। সেনাৰ ৩৪ ৰাষ্ট্ৰীয় ৰাইফলছ, এলিট স্পেচিয়েল ফৰ্চ ইউনিট, আৰক্ষী আৰু চি আৰ পি এফে যৌথভাৱে সন্ত্রাসবাদীৰ সন্ধানত অভিযান চলাই আছে।

বৃহস্পতিবাৰে বিয়লি কুলগাম জিলাৰ ডি এইচ পোৰা অঞ্চলৰ ছামনু পকেটত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত এক এনকাউণ্টাৰ সংঘটিত হয়। বিষয়াসকলে জনোৱা মতে, অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ ইংগিত পোৱাৰ পিছতে নেহামা গাঁৱত নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান আৰম্ভ কৰে। একে সময়তে সেনা অহা দেখি সন্ত্ৰাসবাদীৰ মাজত আতংকৰ সৃষ্টি হয়। লগে লগে নিৰাপত্তাৰক্ষীৰ ফালে গুলীচালনা আৰম্ভ কৰে। সেনাইও ততাতৈয়াকৈ দায়িত্ব ল’লে আৰু আৰম্ভ হ’ল এনকাউণ্টাৰ।

Leave A Reply