পুনৰ এক্টিভ শ্লিপাৰ চেল! কাশ্মীৰত ভাৰত চৰকাৰে বন্ধ কৰি দিলে ৪৮ পৰ্যটনস্থলী । Jammu-kashmir tourist place 

Jammu-kashmir tourist place  । কাশ্মীৰৰ পহলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত উপত্যকাটোত পুনৰ সক্ৰিয় হৈ পৰিছে শ্লিপাৰ চেল। সন্ত্ৰাসবাদৰ সম্ভাৱনা বৃদ্ধি পোৱাৰ ফলত ভাৰত চৰকাৰে জম্মু-কাশ্মীৰৰ ৮৭ টা পৰ্যটনস্থলীৰ ভিতৰত ৪৮ টা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।

সূত্ৰ অনুসৰি, চোৰাংচোৱা সংস্থাৰ পৰা আহ্বান পোৱাৰ পিছত চৰকাৰে এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে। পহলগাম আক্ৰমণৰ পৰৱৰ্তী সময়ছোৱাত শ্লিপাৰ চেলসমূহক পুনৰ সক্ৰিয় কৰাৰ নিৰ্দেশ দিয়া হৈছে, যাৰ জৰিয়তে সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষী আৰু বিশেষ কিছুমান ব্যক্তিক লক্ষ্য কৰাৰ সম্ভাৱনা আছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। এই পৰিস্থিতিৰে লগে লগে গুলমাৰ্গ, সোণমাৰ্গ, ডাল লেক আদিত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলা হৈছে।

বন্ধ কৰা পৰ্যটনস্থলীৰ তালিকা:

  • ইউছমাৰ্গ, টৌছিমেদান, দুথপাথ্ৰি, আহৰবাল, কৌছাৰনাগ, বাংগাছ, কৰিৱান ডাইভাৰ চাণ্ডিগাম, বাংগাছ উপত্যকা, ৱুলাৰ/ৱাটলাব
  • ৰামপোৰা, ৰাজপোৰা, চেয়াৰহাৰ, মুণ্ডিজ-হামাম-মাৰ্কুট জলপ্ৰপাত, খাম্পু, বছনিয়া, বিজিটোপ, সূৰ্য্য মন্দিৰ
  • ভেৰিনাগ বাগিচা, চিনথান টপ, মাৰ্গানটপ, আকাদ পাৰ্ক, হাব্বা খাটুন পইণ্ট, বাবাৰেশী, ৰিংগাৱলী, গোগালদাৰা, বাদেৰকোটে ইত্যাদি

Related Articles