হিন্দু ধৰ্মৰ অন্যতম ধৰ্মীয় উৎসৱ জন্মাষ্টমী। (janmashtami) কৃষ্ণ জন্মাষ্টমীক কৃষ্ণাষ্টমী, গকুলাষ্টমী, অষ্টমী ৰোহিণী, শ্ৰীকৃষ্ণ জয়ন্তী আদি নামেৰেও জনা যায়। জন্মাষ্টমী হৈছে ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণৰ জন্মোৎসৱ। ‘জন্মাষ্টমী’ শব্দটো “জন্ম” আৰু “অষ্টমী” শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হ’ল”অষ্টম দিনত জন্ম”। কৃষ্ণ দৈৱকী আৰু বাসুদেৱৰ অষ্টম সন্তান আছিল। হিন্দু পঞ্জিকাৰ মতে ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত জন্মাষ্টমী পালন কৰা হয়। এই দিনটোত কৃষ্ণক আৰাধনা কৰি দেশবাদী আনন্দত আপোন পাহৰা হৈ থাকে। মথুৰা, বৃন্দাবন আদিৰ লগতে বহু ঠাইত কৃষ্ণৰ জন্ম উপস্থাপন কৰি নাটক, ভাওনা আদি কৰা হয়। হিন্দু ধৰ্মত ইয়াৰ বিশেষ মান্যতা আছে। এই উৎসৱ অধৰ্মৰ ওপৰত ধৰ্মৰ জয়ৰ উৎসৱ। দ্বাপৰ যুগত যেতিয়া পৃথিৱীত কংসৰ অত্যাচাৰ বৃদ্ধি পাইছিল, তেতিয়া ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল জনসাধাৰণক নিজৰ অত্যাচাৰৰ পৰা মুক্ত কৰি অৰ্থাৎ অধৰ্মক পৰাস্ত কৰি ধৰ্মৰ প্ৰতিষ্ঠা কৰিবলৈ। মাতৃ দৈৱকীৰ গৰ্ভত অৱস্থান কৰি যশোদাৰ উকা আঁচল পুৰাবলৈ এই দিনটোতে ধৰালৈ আগমণ ঘটিছিল শিশু কৃষ্ণৰ৷
হিন্দুশাস্ত্ৰ মতে, দৈৱকীৰ ককাকয়েক কংসই নিজৰ আত্মীয় সকলক বন্দী কৰি মথুৰাৰ ৰাজ সিংহাসনত আৰোহণ কৰিছিল৷ কংসই আকাশবাণীযোগে জানিব পাৰিছিল যে তেওঁৰ ভগ্নী দৈৱকীৰ গৰ্ভত ধাৰণ কৰা অষ্টম সন্তানৰ হাততে লিখা আছে তেওঁৰ মৃত্যু৷ তাৰ পাছতে নিজ ভগ্নী দৈৱকী আৰু তেওঁৰ স্বামী বসুদেৱক কাৰাৰুদ্ধ কৰি কংসই এটি এটিকৈ হত্যা কৰিছিল দৈৱকীৰ সন্তান সমূহক৷ তেনেদৰেই কংসৰ আতিশয্যৰ মাজতে দৈৱকীয়ে গৰ্ভত ধাৰণ কৰে কৃষ্ণ৷ কৃষ্ণ দৈৱকী আৰু বাসুদেৱৰ অষ্টম সন্তান আছিল। পুৰণি পুথিৰ বৰ্ণনা আৰু জ্যোতিষশাস্ত্ৰৰ গণনা অনুসৰি কৃষ্ণৰ জন্ম হৈছিল খ্ৰীষ্টপূৰ্ব ৩২২৮ চনত। কৃষ্ণৰ জীৱনত আহিবলগীয়া সংকটৰ প্ৰতি লক্ষ্য ৰাখি পিতৃ বসুদেৱে জন্মৰ নিশাই তেওঁক থ’লেগৈ গকুলত৷ তাৰ পাচৰ পৰাই গকুলৰ প্ৰধান নন্দ-যশোদাৰ কোলাতে লালন পালন হৈছিল শিশু কৃষ্ণ।
তাৰ পাছৰে পৰা মাখন চুৰিৰ দুষ্টামি, কালীয় দমন, গোবৰ্ধন পৰ্বতক নিজ আঙুলিত লৈ সমগ্ৰ বৃন্দাৱনকে ৰক্ষা কৰালৈ শিশু কৃষ্ণৰ বহু অলৌকিক কাৰ্যকলাপ আদিৰ আখ্যান বৰ্তমানেও আমাৰ সমাজত বহুলভাৱে প্ৰচলিত।এই দিনা ভক্তসকলে উপবাস পালন কৰে, শ্ৰীকৃষ্ণৰ পূজা-আৰাধনা কৰে আৰু তেওঁৰ জন্মৰ নিৰ্দিষ্ট সময়ত উপবাস ভংগ কৰে।
ভগতৰ প্ৰভু নাৰায়ণৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণৰ বাল্যকালৰ পৰা আদি কৰি ধৰ্মৰ প্ৰতিষ্ঠা কৰাৰলৈকে সকলোবোৰ চৰিত্ৰই উপস্থাপন কৰি বিভিন্ন ঠাইত বিভিন্ন পদ্ধতিৰে জন্মাষ্টমী পালন কৰা হয়। মথুৰা, বৃন্দাবন, মণিপুৰ আদি ঠাইত নাটকীয় উপস্থাপন ৰ দিনা ৰাসলীলা কৰা হয়। ৰাস লীলাত কৃষ্ণৰ ডেকা বয়সৰ কৰ্ম-কাণ্ড নাটকীয় পদ্ধতিৰে উপস্থাপন কৰা হয়। তাৰ বিপৰীতে বিভিন্ন ঠাইত জন্মাষ্টমী উপলক্ষে দহি-হান্দিৰ আয়োজন কৰা হয়। দহি-হান্দিৰ প্ৰথাত কৃষ্ণৰ দুষ্ট স্বভাৱ প্ৰতিফলিত কৰা হয় য’ত কেইবাজনো ল’ৰা মিলি ওখ ঠাইত বান্ধি থোৱা মাখনৰ টেকেলী ভাঙিবলৈ চেষ্টা কৰে। এই পৰম্পৰাক তামিলনাডুত উৰিয়াদি নামৰে পালন কৰা হয়। আনহাতে, কৃষ্ণৰ জন্ম হওঁতে নন্দই সকলোকে উপহাৰ বিলোৱাৰ কাহিনী উদ্যাপন কৰিবলৈ কৃষ্ণ জন্মাষ্টমীৰ পাছত বহু ঠাইত নন্দোৎসৱ পালন কৰা হয়।
অসমতো এই দিনটোৰ বহু তাৎপৰ্য আছে৷ বিশেষকৈ বৈষ্ণৱ ধৰ্মাৱলম্বী লোকসকলৰ মাজত বহু সমাদৃত এই দিন৷ কৃষ্ণ জন্মাষ্টমী উপলক্ষে অসমৰ ভিন্ন প্ৰান্তত থকা বৈষ্ণৱ ধৰ্মাৱলম্বী নামঘৰ বা গোসাঁইঘৰ সমূহ আজি মুখৰিত হৈ পৰিব কৃষ্ণৰ গুণানুকীৰ্তনেৰে৷
আকাশে বতাহে বিয়পি পৰিব হৰি নামৰ অমিয়া সুৰ….
তাৰে এটি কলি —
কৃষ্ণ জন্ম হোৱা শুনি আহিলে নাৰদ্ মুনি অ
চাৰি মুখে ব্ৰহ্মাই পঢ়ে বেদ
হৰ বৃষভতে সতী আহে পুষ্পৰথে
বসুমতী কৰে নাভিছে…
জন্মাষ্টমী উপলক্ষে অসমৰ বিভিন্ন সত্ৰ, নামঘৰত অনুস্থিত হয় জন্মাষ্টমীৰ আয়োজন। এই নাম প্ৰসংগ পিছৰ দিনৰ ৰাতিপুৱালৈকে চলে। শ্ৰীকৃষ্ণৰ জন্মাষ্টমী শাস্ত্ৰীয়ভাৱে উদযাপিত হোৱাৰ বাহিৰেও নাটকীয় সমলযুক্ত বিভিন্ন আচৰণৰ সৈতেও পালন কৰা দেখা যায়। কোনো কোনো নামঘৰ বা গোসাঁই ঘৰত ভকত-ভকতনীসকলে শ্ৰীশ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালনৰ উদ্দেশ্যে ৰং-বিৰঙৰ কাপোৰেৰে শিশু কৃষ্ণৰ এটি পুতলা নিৰ্মাণ কৰে। হৰিৰ গুণানুকীৰ্তন,হৰি নামৰ অমিয়া সুৰ, প্ৰাৰ্থনাদি শেষ হোৱাৰ পিছত এজন পুৰুষ বা এজনী নাৰীয়ে দৈৱকীৰ ভাও লয়। তেওঁৰ যেন প্ৰসৱ বেদনা আৰম্ভ হৈছে। তাত উপস্থিত থকা পুৰুষ এগৰাকীয়ে ধাই বা চিকিৎসকৰ ভাও লৈ দৈৱকীৰ চিকিৎসাৰ বাবে আগবাঢ়ে। কিন্তু তেওঁৰ চিকিৎসাৰ কোনো কাম নহ’ল।কিন্তু তেওঁৰ অৰিহণা ফেৰা কল-তামোল-পাণ আদি ৰূপে নিবলৈও নাপাহৰিলে। তেওঁৰ দৰে আৰু দুজন চিকিৎসকে দৈৱকীৰ বিষ উপশম কৰিবলৈ চেষ্টা কৰিলে,যদিও কোনো সফল নহ’ল। মাজ নিশা আন এজন ভকতে ধাই বা চিকিৎসকৰ ভাও লৈ আগবাঢ়ি আহিল। তেওঁৰ উপস্থিতি আছিল ফলপ্ৰসূ-অৰ্থাৎ দৈৱকীয়ে বাল গোপাল বা ভগৱান শ্ৰীকৃষ্ণক জন্ম দিলে। সেই মূহুৰ্ততে পুৰোহিতজনে নামঘৰ বা গোসাঁইঘৰৰ মণিকূটৰ পৰা কৃষ্ণৰ পুতলাটি দুয়ো হাতত তুলি লৈ-কৃষ্ণ জন্মিলে ,কৃষ্ণ জন্মিলে বুলি চিঞৰি দিয়ে,লগে লগে আয়তীসকলে মংগল উৰুলি আৰু হৰিধ্বনিৰ লগতে নৃত্যভংগীও প্ৰদৰ্শন কৰে আৰু পুনৰ হৰি নামৰেৰে মুখৰিত কৰি তোলে এইদৰে….
কংসৰ কাৰাগাৰে হৰি
ঘোৰ অন্ধকাৰে
জন্ম লৈলা তুমি হৰি
দৈৱকীৰ গৰ্ভতে
অ…..
বাসুদেৱে কোলে লৈয়া
চলিলা বাটে
তোমাক থৈয়া যোগমায়াক
আনিলে যে কোলে
এনেদৰে পুনৰ হৰি নামৰেৰে মুখৰিত কৰাৰ সময়তে তাত উপস্থিত থকা এজন পুৰুষে বসুদেৱৰ ভাও লৈ শিশু কৃষ্ণক নন্দ ৰজাৰ ঘৰত গৈ থৈ অহাৰ কাহিনীভাগ উপস্থাপন কৰে। শেষত সকলোৱে মঙ্গল উৰুলি আৰু জয়ধ্বনিৰে আকাশ কপাই তোলে আৰু ভগৱান শ্ৰীহৰিৰ চৰণত সেৱা লয়।
পূৰ্ব পুৰুষ সকলৰ মতে এই জন্মাষ্টমী নাম গোৱা প্ৰথা বৈষ্ণৱযুগৰ পৰাই চলি আহিছে। এই উৎসৱৰ মুখ্য উদ্দেশ্য হৈছে ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ উদযাপন কৰা। এই উৎসৱত শ্ৰীকৃষ্ণৰ জন্মৰ স্মৰণ কৰা হয় আৰু তেওঁৰ জীৱনৰ বিভিন্ন ঘটনা পালন কৰা হয়, যি আধ্যাত্মিকতা, প্ৰেম আৰু দয়াৰ প্ৰতীক। জন্মাষ্টমী এক সামাজিক-ধৰ্মীয় উৎসৱ যি শ্ৰীকৃষ্ণৰ জীৱনৰ পৰা অনুপ্ৰাণিত হয় আৰু ভক্তসকলক আধ্যাত্মিক আনন্দ আৰু আশীৰ্বাদ প্ৰদান কৰে। বিশ্বাস অনুসৰি এই দিনটোত ভগৱান শ্ৰীকৃষ্ণক আৰধনা কৰিলে মনৰ ইচ্ছা পূৰণ হয়।
কৃষ্ণ জন্মাষ্টমীৰ এই পবিত্ৰ ক্ষণত শতকোটি নমন পৃথিৱীৰ ত্ৰাণকৰ্তা গৰাকীলৈ৷
কৃষ্ণৰ জ্ঞানে আপোনাক সৎ পথৰ প্ৰদৰ্শন কৰক,
তেওঁৰ বাঁহীৰ ঐশ্বৰিক সুৰে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক
সুখ-সমৃদ্ধি, সফলতা, সম্প্ৰীতি আৰু শান্তিৰ বতৰা
আৰু তেওঁৰ প্ৰেমে আপোনাক সদায় সুৰক্ষা কৰক।
শুভ জন্মাষ্টমী!
কল্যাণী গগৈ (মুনু)
চিলাপথাৰ, ধেমাজি
৯৩৬৫৯৬১২৫৪

