Breaking

উন্মোচন কৰা হ’ল জানু নাথৰ কাব্যসংকলন “কবিতা আৰু মই”

0 56

২৮ মাৰ্চ মঙলবাৰে দিনৰ ১২ বজাত দিছপুৰ প্ৰেছক্লাৱত আয়োজন কৰা এখনি গ্ৰন্থ উন্মোচনী সভাত প্ৰতিভাৱান কবি জানু নাথৰ এখনি কাব্যসংকলন “কবিতা আৰু মই” উন্মোচন কৰে লেখক – জ্যেষ্ঠ সাংবাদিক ড° নৰেন হাজৰিকাই৷ সভাখনত বিশিষ্ট অতিথি হিচাপে জ্যেষ্ঠ সাংবাদিক -লেখিকা গীতিমালিকা নেওগ আৰু সাংবাদিক চন্দ্ৰ কুমাৰ শইকীয়া উপস্থিত থাকি বক্তব্য আগবঢ়ায়৷


গ্ৰন্থখন প্ৰকাশ কৰিছে যোৰহাটৰ ৰেৱকান্ত নাথে৷

গ্ৰন্থখন উন্মোচন কৰি জ্যেষ্ঠ সাংবাদিক লেখক ড° নৰেন হাজৰিকাই কবি জানু নাথৰ কবিতাত প্ৰকাশ পোৱা সামাজিক দায়বদ্ধতাৰ কথা উল্লেখ কৰি কবি গৰাকীৰ উত্তৰোত্তৰ উন্নতি কামনা কৰে৷


বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সাংবাদিক-লেখিকা গীতিমালিকা নেওগে জীৱনবিষয় ইতিবাচক কথাৰে কবিতা ৰচনা কৰা কবি জানু নাথৰ কলাসুলভ মনটোৰ শলাগ লয়৷

নেওগে উল্লেখ কৰে যে “দুটা ভাল কাম কৰিলেহে জীৱনটো উপভোগ কৰিব পৰা যায়৷”

সেইদৰে আন গৰাকী বিশিষ্ট অতিথি চন্দ্ৰ কুমাৰ শইকীয়াই গীত মাত-সাহিত্যই মানুহৰ মনত দিয়া সুখৰ কথা উল্লেখ কৰি সাৰুৱা বক্তব্য প্ৰদান কৰে৷ উল্লেখ্যে যে বিভিন্ন বিষয়ত বহুদিনৰে পৰা কবিতা চৰ্চা কৰি অহা কবি জানু নাথৰ এইখন দ্বিতীয় কাব্য সংকলন৷

সাংবাদিক-লেখিকা দৰ্শনা বৰুৱাই আঁতধৰা এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক কুঞ্জ মোহন ৰায়,সুনীতা দত্ত ফুকন, গংগাৰাম দাস,বিনু দাস,প্ৰবীণ কুমাৰ নাথ,টানিষ্কা কাশ্যপ নাথ,সবিতা নাথ আদিকে ধৰি কেইবাগৰাকীও সাহিত্যপ্ৰমী ব্যক্তি উপস্থিত থাকে৷

Leave A Reply