Japanese delegation visits IIT Guwahati: জাপানৰ উচ্চস্তৰীয় প্ৰতিনিধিদলে আই আই টি গুৱাহাটী পৰিদৰ্শন কৰি কি ক’লে ?

আন্তঃগাঁথনি আৰু নিৰ্মাণ ক্ষেত্ৰৰ উপৰি শিক্ষা, অৰ্থনৈতিক, ৰাজনৈতিক আদি ক্ষেত্ৰত সহযোগিতাৰে কাম কৰাৰ আগ্ৰহ প্ৰকাশ। জাপানত কাম কৰিবলৈ ইচ্ছুক ভাৰতৰ তথ্য-প্ৰযুক্তিগত আৰু অন্যান্য ক্ষেত্ৰৰ মানৱ সম্পদক উদগনি যোগাব জাপানে।(Japanese delegation visits IIT Guwahati)

তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হোৱা জাপানৰ হাউছ অৱ্ ৰিপ্ৰেজেণ্টেটিভৰ অধ্যক্ষ নুকাগা ফুকুশ্বিৰো আৰু তেওঁৰ সৈতে অহা উচ্চস্তৰীয় প্ৰতিনিধি দলটিক আজি দ্বিতীয় দিনা গুৱাহাটী আই আই টি পৰিদৰ্শন কৰোৱা হয়। প্ৰতিনিধি দলটি আই আই টিত উপস্থিত হোৱাৰ লগে লগে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ আদি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা, শিক্ষা প্ৰতিষ্ঠানখনৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জালিহাল, অসমৰ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ আদিয়ে উষ্ম আদৰণি জনায়। ইয়াৰ পিছতে আই আই টি গুৱাহাটীয়ে জাপানৰ সৈতে যুটীয়া প্ৰচেষ্টাৰে গ্ৰহণ কৰি থকা বিভিন্ন কাৰ্যসমূহৰ লগতে আগন্তুক দিনত সহযোগিতাৰে কৰিব বিচৰা কাৰ্যপন্থাসমূহৰ সবিশেষ জাপানৰ প্ৰতিনিধিবৰ্গৰ সন্মুখত উপস্থাপন কৰা হয়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি জাপানৰ হাউছ অৱ্ ৰিপ্ৰেজেণ্টেটিভৰ অধ্যক্ষ নুকাগা ফুকুশ্বিৰোৱে গণতন্ত্ৰৰ দৰে একে মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত দেশ দুখনে মিলি উন্নয়নৰ বাবে সহযোগিতাৰে কাম কৰিব পাৰে বুলি উল্লেখ কৰে। তেওঁ কয় যে ভাৰত তথ্য-প্ৰযুক্তিকে ধৰি বিভিন্ন ক্ষেত্ৰৰ মানৱ সম্পদেৰে ঐশ্বৰ্যশালী। আনহাতে জাপানৰ এনে মানৱ সম্পদৰ প্ৰয়োজন। গতিকে জাপানত প্ৰতিষ্ঠিত হ’ব বিচৰা ভাৰতৰ এনে মানৱ সম্পদসমূহক জাপানে উদগনি যোগাবলৈ আগ্ৰহী।

তদুপৰি আন্তঃগাঁথনি, নিৰ্মাণ আদিৰ উপৰি শিক্ষা, অৰ্থনীতি তথা ৰাজনীতি ক্ষেত্ৰতো গণতান্ত্ৰিক দেশ দুখনে সহযোগিতাৰে কাম কৰিব পাৰে বুলি তেওঁ উল্লেখ কৰে।আনুষ্ঠনিকভাৱে জনোৱা আদৰণি পৰ্বৰ পিছতে প্ৰতিনিধি দলটিক প্ৰতিষ্ঠানখনৰ নেনোটেক্নল’জি চেণ্টাৰ আৰু ৰিচাৰ্ছ পাৰ্ক পৰিদৰ্শন কৰোৱা হয়। ৰিচাৰ্ছ পাৰ্ক পৰিদৰ্শনকালত আই আই টি গুৱাহাটীয়ে উদ্যমিতা আৰু ষ্টাৰ্টআপৰ ক্ষেত্ৰত লোৱা ব্যৱস্থাৱলী সম্পৰ্কত পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনৰ জৰিয়তে প্ৰতিনিধিবৰ্গক অৱগত কৰোৱা হয়। আনহাতে আই আই টি গুৱাহাটীত নিৰ্মীয়মান অত্যাধুনিক স্বাস্থ্যবিজ্ঞান প্ৰতিষ্ঠান আসাম এডভান্সড্ হেল্থ কেয়াৰ ইন’ভেশ্যন ইনষ্টিটিউট সম্পৰ্কতো মুখ্য পৰিচালন বিষয়া ডঃ সজল সেনে তেখেতসকলক অৱগত কৰে। ৫,৪৬০ মিলিয়ন ব্যয়সাপেক্ষ এই প্ৰতিষ্ঠানখনৰ নিৰ্মাণকাৰ্য চলিত বৰ্ষৰ ২ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে যদিও ইতিমধ্যে চাৰিটা বিষয়ত গৱেষণাৰ কাম আৰম্ভ কৰা হৈছ। ৩০ মাহৰ ভিতৰত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে। পৰিদৰ্শনকালত আই আই টিয়ানসকলে প্ৰদৰ্শন কৰা ষ্টাৰ্টআপৰ সামগ্ৰীসমূহ চাই প্ৰতিনিধিদলটোৱে সন্তুষ্টি প্ৰকাশ কৰে। প্ৰতিষ্ঠান পৰিদৰ্শনৰ পিছতে প্ৰতিনিধি দলটিয়ে আই আই টিৰ অতিথিশালাত অসমীয়া ব্যঞ্জনেৰে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে। প্ৰতিনিধিদলটিয়ে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানখন পৰিদৰ্শন কৰি আনন্দ প্ৰকাশ কৰে। আমিনগাঁওস্থিত আছিয়ান-ওৱান টেকনিকেল চেণ্টাৰো পৰিদৰ্শন কৰিলে জাপানৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে।


ইয়াৰ পূৰ্বে আজি পুৱাৰ ভাগ‍ত কামৰূপ জিলাৰ আমিনগাঁওস্থিত আছিয়ান- ওৱান টেকনিকেল চেণ্টাৰত উপস্থিত হোৱা প্ৰতিনিধি দলটোক আনুষ্ঠানিকভাৱে আদৰণি জনায় ৰাজ্য চৰকাৰৰ পৰ্যটন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু ক্ৰীড়া আৰু যুৱ কল্যাণ আদি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচাই।মন্ত্ৰী ৰঞ্জিত দাসে নিজ বক্তব্যত ভ্ৰমণকাৰী জাপানৰ প্ৰতিনিধি দলটোক আদৰণি জনাই অসমৰ প্ৰচুৰ প্ৰাকৃতিক সম্পদ আৰু এই সম্পদৰাজিৰ উপযুক্ত ব্যৱহাৰে বহন কৰা উন্নয়নৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে। অসমৰ পৰ্যটন উদ্যোগৰ সম্ভাৱনীয়তাৰ প্ৰসংগত তেওঁ কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক সম্পদৰাজিৰ কথাও উল্লেখ কৰে। জাপানৰ হাউছ অৱ্ ৰিপ্ৰেজেণ্টেটিভৰ অধ্যক্ষ নুকাগা ফুকুশ্বিৰোই নিজৰ বক্তব্যত ভাৰতৰ এখন অন্যতম বিকশিত ৰাজ্য হ’বলৈ আগবঢ়া অসমৰ প্ৰচুৰ সম্ভাৱনীয়তাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে অসমৰ উন্নয়নত জাপানেও সহযোগিতা আগবঢ়াব। তেওঁ তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত উপযুক্ত মানৱ সম্পদৰ গুৰুত্বৰ কথা উল্লেখ কৰি কয় যে অসম মানৱ সম্পদৰ ক্ষেত্ৰত চহকী। এই মানৱ সম্পদক উপযুক্ত ৰূপত গঢ় দিলে তেওঁলোকে জাপানৰ কৰ্মক্ষেত্ৰত নিয়েজিত হোৱাৰ প্ৰচুৰ সুবিধা লাভ কৰিব। ইয়াৰ ফলত জাপান আৰু অসম সমানে লাভাৱান্বিত হ’ব। তেওঁ অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও জাপানী কোম্পানীয়ে অসমত বিনিয়োগ কৰা প্ৰসংগত আলোচনা কৰাৰ কথা উল্লেখ কৰে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্নয়নৰ ক্ষেত্ৰত অসমক সদায় গুৰুত্ব দি আহিছে। মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে অসমক দিয়া অগ্ৰাধিকাৰৰ সৈতে সংগতি ৰাখি জাপানেও ৰাজ্যখনৰ উন্নয়নৰ বাবে সম্ভৱপৰ সকলো সহযোগিতা আগবঢ়াব বুলি তেওঁ উল্লেখ কৰে।

আজি উপস্থিত হোৱা জাপানৰ প্ৰতিনিধি দলটোক আমিনগাঁৱত অসম পৰ্যটন উন্নয়ন নিগম লিমিটেডৰ অধীনত নিৰ্মাণৰত আতিথ্য প্ৰকল্পৰ কৌশলগত অৱস্থান আৰু ইয়াত উপলব্ধ সুবিধাসমূহৰ বিষয়ে অৱগত কৰা হয়। লগতে ৰাজ্য চৰকাৰে এই আতিথ্য প্ৰকল্পতে আছিৱান- ওৱান টেকনিকেল চেণ্টাৰ মুকলি কৰি জাপানী ভাষা আৰু পৰীক্ষণ কেন্দ্ৰ আৰম্ভ কৰাৰ দিশত চলোৱা প্ৰস্তুতিৰ বিষয়ে অৱগত কৰা হয়। উল্লেখ্য এই কেন্দ্ৰটোৰ জৰিয়তে ৰাজ্যখনৰ যুৱক-যুৱতীসকলে জাপানী ভাষা শিকাৰ সুযোগ লাভ কৰাৰ লগতে দক্ষতাৰ প্ৰশিক্ষণ লাভ কৰিব পাৰিব যিয়ে পৰৱৰ্তী সময়ত বহিঃৰাষ্ট্ৰখনত অসমীয়া যুৱক-যুৱতীৰ কৰ্মসংস্থাপনৰ বাট মুকলি কৰিব তথা জাপান আৰু অসমৰ মাজত সম্পৰ্ক শক্তিশালী কৰাত সহায় কৰিব।আজিৰ অনুষ্ঠানত শ্ৰম কল্যাণ, দক্ষতা , নিয়োগ আৰু উদ্যমিতা আদি বিভাগৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ড০ কে কে দ্বিবেদী, পৰ্যটন বিভাগৰ আয়ুক্ত সচিব কুমাৰ পদ্মপাণি বৰা, কামৰূপৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু কামৰূপ জিলাৰ আৰক্ষী অধীক্ষৰ ৰঞ্জন ভূঞা উপস্থিত থাকে।

Related Articles