Japanese Encephalitis: ধেমাজিত জাপানিজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ, তিনিগৰাকী শিশু আক্ৰান্ত

ডিজিটেল ডেস্ক : Japanese Encephalitis ধেমাজিত জাপানিজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ, তিনিগৰাকী শিশু আক্ৰান্তঅসমৰ বিভিন্ন অঞ্চলৰ লগতে ধেমাজি জিলাতো জাপানিজ এনকেফেলাইটিছ (JE) ৰোগৰ প্ৰাদুৰ্ভাৱ উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। ধেমাজি জিলা স্বাস্থ্য বিভাগে বুধবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, এতিয়ালৈকে জিলাখনত ৩ গৰাকী শিশুৰ দেহত জাপানিজ এনকেফেলাইটিছ পজিটিভ ধৰা পৰিছে, লগতে আন ৩ গৰাকী সদৃশ লক্ষণযুক্ত ৰোগীকো চিনাক্ত কৰা হৈছে।

আক্ৰান্ত ৩ গৰাকী শিশুৰ ভিতৰত মাছখোৱা অঞ্চলৰ ১২ বছৰীয়া এজন ৰোগীক চিকিৎসাৰ অন্তত আৰোগ্য হৈ ঘৰলৈ ৰিহা দিয়া হৈছে। আনহাতে, আৰচি মাজৰবাৰীৰ চিচিবৰগাঁও অঞ্চলৰ আঢ়ৈ বছৰীয়া এটি শিশুক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। গোগামুখৰ বেটবাৰী অঞ্চলৰ ৪ বছৰীয়া এটি শিশুকো লক্ষীমপুৰলৈ প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে, সদৃশ লক্ষণযুক্ত ৩ গৰাকী ৰোগী এতিয়া আৰোগ্য হৈ উঠিছে বুলি স্বাস্থ্য বিভাগে নিশ্চিত কৰিছে।

এই প্ৰসঙ্গত ধেমাজি জিলা স্বাস্থ্য বিভাগে আক্ৰান্ত অঞ্চলসমূহত ধোঁৱা দিয়াৰ লগতে সচেতনতা বৃদ্ধি, আৰু ভেকচিন প্ৰদানৰ দৰে যাবতীয় প্রতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। লগতে, ধেমাজি অসামৰিক চিকিৎসালয়ত ২০ খন আই.চি.ইউ. বিচনাৰো ব্যৱস্থা আগতীয়াকৈ কৰি ৰখা হৈছে।

এই সম্পৰ্কে ধেমাজি মহকুমা স্বাস্থ্য বিষয়াগৰাকীয়ে জনাইছে যে, সম্ভাব্য বিপদৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসা, সজাগতা আৰু ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সকলো ধৰণৰ তৎপৰতা অব্যাহত ৰখা হৈছে।

Related Articles