Japanese encephalitis: জাপানীজ এনকেফেলাইটিছ ৰোগত মৃত্যু ১০ বছৰীয়া জয়শ্ৰী চাংমাই

ৰাজ্যত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ ৰোগীৰ সংখ্যা।(Japanese encephalitis)

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে উজনি অসমতো জাপানীজ এনকেফেলাইটিছ ৰোগে লৈছে সংহাৰী ৰূপ ৷(kakopathar news)

জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হ’ল কাকপথাৰৰ এগৰাকী দহ বছৰীয়া ছাত্ৰী ৷

ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হ’ল কাকপথাৰ দ-পথাৰ মাজগাঁৱৰ জয়শ্ৰী চাংমাই ৷

ছাত্ৰীগৰাকীৰ চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়াইছিল বহুজনে ৷

কিন্তু সকলোকে কন্দুৱাই আঁতৰি গ’ল ছাত্ৰীগৰাকী ৷

ছাত্ৰী গৰাকীৰ মৃত্যুত এতিয়া শোকৰ ছাঁ পৰিছে কাকপথাৰ অঞ্চলত ৷

ইয়াৰ পিছতেই সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কাকপথাৰ আঞ্চলিক সমতি লগতে কাকপথাৰ দল-সংগঠন, সচেতন ব্যক্তিয়ে সমগ্ৰ কাকপথাৰ অঞ্চলত মাৰাত্মক জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধৰ বাবে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে৷

Related Articles