ডিজিটেল ডেস্ক, বজালীঃ Japanese Encephalitis সমগ্ৰ ৰাজ্যৰ লগতে বজালী জিলাতো জাপানীজ এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণ দিনে দিনে বৃদ্ধি পাইছে। এই ভয়াৱহ ৰোগৰ বিস্তাৰ ৰোধৰ বাবে জিলা প্ৰশাসনে তৎপৰতাৰে হাতত লৈছে বিভিন্ন প্রতিৰোধমূলক ব্যৱস্থা।
বজালী জিলাৰ বিভিন্ন অঞ্চলত ফগিঙৰ কাম জোৰদাৰ কৰা হৈছে। স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ যৌথ উদ্যোগত স্থানীয় ৰাস্তা, পথাৰ আৰু জনবসতিপূৰ্ণ এলেকাসমূহত গাড়ীযোগে আৰু স্বাস্থ্যকৰ্মীৰ সহায়ত ঘৰে ঘৰে গৈ ফগিঙৰ ব্যবস্থা কৰিছে। ইয়াৰ উপৰিও, ৰোগ সন্দর্ভত জনসাধাৰণক সজাগ কৰাৰ বাবে অনুষ্ঠিত হৈছে সচেতনতা সভাও।
জিলা স্বাস্থ্য বিভাগৰ পৰা পোৱা তথ্য অনুসৰি, বৰ্তমানলৈকে বজালীৰ বাঘমাৰা, দলোপথাৰ আৰু ভৱানীপুৰ অঞ্চলৰ তিনিগৰাকী লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত বুলি নিশ্চিত কৰা হৈছে। লগতে পাঁচজন সন্দেহজনক ৰোগীৰ দেহত ৰোগটোৰ লক্ষণ পোৱা গৈছে, যাৰ চিকিৎসা চলি আছে।
স্বাস্থ্য বিভাগে অঞ্চলবাসীক সতৰ্ক কৰি আহ্বান জনাইছে—জ্বৰ বা এনেধৰণৰ উপসর্গ দেখা দিলে ফাৰ্মাচীৰ পৰা ঔষধ লোৱাৰ পৰিবর্তে ওচৰৰ স্বাস্থ্য কেন্দ্ৰত গৈ চিকিৎসকৰ পৰামৰ্শ ল’ব।