Breaking

জাপানৰ বিধ্বংসী ভূমিকম্পত মৃতকৰ সংখ্যা বৃদ্ধি, স্বাভাৱিক নহয় বৰ্তমান পৰিস্থিতি…

0 56

সোমবাৰে জাপানৰ পশ্চিম অঞ্চলত ৭.৫ প্ৰাবল্যৰ ভূমিকম্প সৃষ্টি হয়। ভূমিকম্পৰ লগে লগে জাপান চৰকাৰে ছুনামীৰ সতৰ্কবাণী জাৰি কৰিছে। ভূমিকম্পত জাপানৰ মৃত্যু সংখ্যা বৃদ্ধি, কমেও ৩০ জন লোকৰ মৃত্যু।
উদ্ধাৰকাৰী দলৱে নিৰুদ্দেশ হোৱা লোকৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। জাপান কৰ্তৃপক্ষৰ শেহতীয়া তথ্য অনুসৰি নৱবৰ্ষৰ দিনা জাপানত ১৫৫টা ভূমিকম্প সংঘটিত হয়। বৰ্তমানলৈ কমেও ৮জন লোকৰ মৃত্যু হৈছে।কেইবাটাও ভূমিকম্পৰ পিছত জাপানত হোৱা ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰা হ’ব। বিষয়াসকলৰ মতে, ভূমিকম্পৰ ফলত বহু অট্টালিকা ভাঙি যায়। জনপ্ৰিয় পৰ্যটন এলেকাত ব্যাপক অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগতে দীৰ্ঘম্যাদী ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে।

জাপানত হোৱা প্ৰবল ভূমিকম্পৰ পিছত ছুনামী সন্দৰ্ভত সতৰ্কতা জাৰি কৰা হৈছে। কিন্তু আমেৰিকাৰ এটা সংস্থাই দাবী কৰিছে যে এতিয়া চুনামীৰ বিপদ বহুলাংশে নাইকিয়া হৈছে। কিন্তু জাপানৰ কিছুমান অঞ্চলত এতিয়াও ১ মিটাৰ (৩.৩ ফুট)তকৈও অধিক ওখ ঢৌ বাঢ়িছে। আচলতে এই দাবী হাৱাইত অৱস্থিত পেচিফিক চুনামি ৱাৰ্নিং চেণ্টাৰে কৰিছে।

জাপান ভূমিকম্পৰ চুনামীৰ সতৰ্কবাণী: উত্তৰ কোৰিয়া আৰু ৰাছিয়াত চুনামীৰ সতৰ্কবাণী জাৰি, মানুহক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে
সোমবাৰে মধ্য জাপানত সংঘটিত হোৱা ৭.৬ প্ৰাবল্যৰ ভূমিকম্পৰ পিছত জাপান, উত্তৰ কোৰিয়া আৰু ৰাছিয়াত চুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে। ৰাছিয়াৰ সুদূৰ পূব অঞ্চলত চুনামীৰ সতৰ্কবাণীৰ খবৰ নিশ্চিত কৰি ক্ৰেমলিনে মানুহক নিৰাপদ অঞ্চললৈ যাবলৈ কয়।

Leave A Reply