আহমেদাবাদৰ কল্ডপ্লে কনচাৰ্টত জস্প্ৰিত বুমৰাহ। আঘাতৰ বাবে বৰ্তমান ক্ৰিকেটৰ পৰা আঁতৰি আছে বুমৰাহ। আহমেদাবাদৰ কল্ডপ্লে কনচাৰ্টত তেওঁক দেখা গৈছিল। তেওঁক সন্মান জনায় ‘কল্ডপ্লে’ বেণ্ডৰ মুখ্য গায়ক ক্ৰীছ মাৰ্টিনে।(Jasprit Bumrah)। ব্ৰিটিছ বেণ্ডটোৱেও মঞ্চত বুমৰাহৰ জাৰ্চি পিন্ধি গীত গাইছিল।(Coldplay concert)
মাৰ্টিনে দেওবাৰে বুমৰাহক উৎসৰ্গিত কৰি এটা গীতও গাই। তেওঁলোকে ধেমালি কৰিছিল যে বুমৰাহই খেলপথাৰত ইংলেণ্ডৰ দলটোক ধ্বংস কৰিলে একেবাৰে ভাল নাপায়। কল্ডপ্লে কনচাৰ্ট আছিল আহমেদাবাদত। তাতেই বুমৰহৰ জন্ম হৈছিল। ইয়াৰ পূৰ্বে মুম্বাইতো কল্ডপ্লে কনচাৰ্ট অনুষ্ঠিত হৈছিল। তাতো তেওঁলোকে বুমৰাহৰ নাম লৈছিল।
মুম্বাইৰ কল্ডপ্লে শ্ব’ত বুমৰাহৰ বলিঙৰ ভিডিঅ’ দেখুওৱা হৈছিল। এইবাৰ আহমেদাবাদৰ শ্ব’ত দেখা গ’ল বুমৰাহক। কল্ডপ্লেই তেওঁক লৈ গীত গাইছিল, “অ’ জস্প্ৰিত বুমৰাহ, মোৰ ধুনীয়া ভাইটি।” ক্ৰিকেট জগতৰ শ্ৰেষ্ঠ বলাৰ। আপোনালোকে ইংলেণ্ড ধ্বংস কৰা দেখি আমি ভাল নাপালোঁ। উইকেটৰ পিছত উইকেট। যাৰ অৰ্থ, বুমৰাহ পৃথিৱীৰ শ্ৰেষ্ঠ বলাৰ। অৱশ্যে ইংলেণ্ডৰ বিৰুদ্ধে উইকেট ল’লে ‘কল্ড প্লে’ উপভোগ কৰা নহয়।
ভাৰতৰ হৈ খেলি থকাৰ সময়তে আঘাতপ্ৰাপ্ত হৈছিল বুমৰাহ। অন্তিমখন টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তেওঁ আঘাতপ্ৰাপ্ত হৈছিল। এতিয়াও ভালদৰে সুস্থ হোৱা নাই বুমৰাহ। বুমৰাহে চেম্পিয়নছ ট্ৰফীত খেলিব পাৰিব নে নাই সেয়া নিশ্চিত নহয়।