Breaking

যুদ্ধ বিধ্বস্ত ইউক্ৰেনৰ পৰা সুকলমে আহি স্ব-গৃহত উপস্থিত হল ডিব্ৰুগড়ৰ জাভেদ আহমেদ

0 27

যুদ্ধ বিধ্বস্ত ইউক্ৰেনৰ পৰা সুকলমে আহি স্ব-গৃহত উপস্থিত হল ডিব্ৰুগড়ৰ জাভেদ আহমেদ। ইউক্ৰেনৰ ছামি ষ্টেট মেডিকেল ইউনিভাৰ্ছিটিত এমবিবি এছ পাঠ্যক্ৰমত নামভৰ্তি কৰি অধ্যয়নৰ বাবে গৈছিল জাভেদ। কিন্তু যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ শেহতীয়া অৱস্থাত শংকিত হৈ সহপাঠী সকলৰ সৈতে তাতক্ষণিকভাৱে ইউক্ৰেইন এৰাৰ সিদ্ধান্ত লয় জাভেদে।

ইফালে জাভেদৰ নিজা গৃহ ডিব্ৰুগড়তো পৰিয়ালৰ লোকে ইউক্ৰেণৰ পৰিস্থিতিৰ বাবে চিন্তিত হৈ পৰে। আনহাতে বুধবাৰে ইউক্ৰেণৰ পৰা সুকলমে নিজ বাসগৃহত উপস্থিত হয় ছাত্ৰ জাভেদ আহমেদ। পুৱা ৯ বজাত ডিব্ৰুগ়ড় বিমান বন্দৰত আহি উপস্থিত হয় ছাত্ৰগৰাকী। চহৰখনৰ মিৰ্জাবাগৰ বাসিন্দা ছামিম আহমেদৰ পুত্ৰ জাভেদ আহমেদ ছাত্ৰগৰাকীয়ে আজি ইউ. এ. টিভিৰ আগত ৰাছিয়া আৰু ইউক্ৰেণৰ যুদ্ধৰ মাজত আবদ্ধ হৈ থকা সময়ছোৱাৰ সমগ্ৰ ঘটনাৰ বিৱৰণ দিয়ে।

যোৱা ২৪ ফেব্ৰুৱাৰীৰ পুৱা উঠিয়েই যুদ্ধৰ পৰিৱেশ দেখিবলৈ পাইছিল অডেছা চহৰখনত। ২৭ ফেব্ৰুৱাৰীত ছাত্ৰগৰাকীয়ে ৫ জন বন্ধুৰ সৈতে ইউক্ৰেণৰ ইজমাইল হৈ ৰোমানিয়া সীমাৰে নিৰাপদ স্থানত আহি উপস্থিত হয়। ৰোমানিয়াত উপস্থিত হৈ ভাৰতীয়া দুতাবাসৰ লগত যোগাযোগ কৰি বায়ু সেনাৰ চি ১৭ বিমানেৰে ভাৰত আহি উপস্থিত হয়। ছাত্ৰগৰাকীয়ে জানিবলৈ দিয়ামতে ছামি ষ্টেট ইউনিভাৰ্চিটিত ৭০০ৰো অধিক ভাৰতীয়া ছাত্ৰ-ছাত্ৰী বৰ্তমানেও আবদ্ধ হৈ আছে। যুদ্ধ পৰিস্থিতি তথা নিজৰ যাত্ৰাৰ বৰ্ণনা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

Leave A Reply