বেলতলা বজাৰ ঘটনা: প্ৰাণ হেৰুৱা অঞ্জু ৰংপিৰ পৰিয়ালক ৪ লাখ টকাৰ আৰ্থিক সহায় । Jayanta malla baruah

গুৱাহাটী, ২০ মে’: Jayanta malla baruah । বেলতলা বজাৰত সংঘটিত দুঃখজনক ঘটনাত প্ৰাণ হেৰুৱা অঞ্জু ৰংপিৰ পৰিয়ালৰ ওচৰলৈ মঙ্গলবাৰে সন্ধ্যা ৮ বজাত উপস্থিত হয় ৰাজ্যৰ নগৰ বিকাশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।বেলতলা বজাৰত সংঘটিত দুঃখজনক ঘটনাত গাৰ্ডৱাল বাগৰি নিহত হোৱা মহিলাগৰাকী অঞ্জু ৰংপিৰ সোণাপুৰৰ বাসগৃহত এতিয়া এক শোকাকুল পৰিৱেশ। পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দি আহিছিল অঞ্জু ৰংপিয়ে, যাৰ আকস্মিক মৃত্যুৱে পৰিয়ালটোত গভীৰ শোকৰ ছাঁ পেলাইছে।

মন্ত্ৰীগৰাকীয়ে বৰপিটোলি গাঁও, তেঘেৰিয়া, কেত্ৰীস্থিত অঞ্জু ৰংপিৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালজনৰ সদস্যসকলৰ সৈতে দেখা কৰি সান্ত্বনা জ্ঞাপন কৰাৰ উপৰিও মুখ্যমন্ত্ৰীৰ সহায় তহবিলৰ পৰা ৪ লাখ টকাৰ চেক হস্তান্তৰ কৰে।

এই সহায়ৰ ভিতৰত জিলা দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষৰ পৰা ২ লাখ টকা আৰু মুখ্যমন্ত্ৰীৰ সহায় তহবিলৰ পৰা ২ লাখ টকা ধৰি মুঠ ৪ লাখ টকা আৰ্থিক অনুদান অঞ্জু ৰংপিৰ পৰিয়ালক প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে, বেলতলা বজাৰত সংঘটিত এই হৃদয়বিদাৰক ঘটনাই ৰাজ্যজুৰি শোকৰ ছাঁ পেলাইছিল। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এই সহানুভূতিপূৰ্ণ পদক্ষেপে প্ৰয়োজনৰ সময়ত চৰকাৰ জনসাধাৰণৰ লগত আছে বুলি পুনৰ এটা বাৰ্তা প্ৰদান কৰে।

Related Articles