ডিজিটেল ডেস্কঃ Jayanta Malla Baruah গৰুখুঁটিলৈ অনা গীৰগাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ ফাৰ্মে ক্ৰয় কৰাক লৈ উঠি থকা বিতৰ্কৰ প্ৰতি আজি স্পষ্টীকৰণ আগবঢ়ালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। সংবাদ মাধ্যমত বিষয়টো লৈ চৰ্চা তীব্ৰ হোৱাৰ পাছত আজিৰ সংবাদমেলত তেওঁ সম্পূৰ্ণ বিষয়টো সন্দৰ্ভত প্ৰকাশ কৰে নিজৰ অৱস্থান।
গৰুখুঁটিলৈ অনা ৩০০ গীৰগাইৰ ভিতৰত ৯০ গৰাকী গাই নিবিদাৰ মাধ্যমেৰে বিক্ৰী কৰা হৈছিল। ইয়াৰে ২০ গৰাকী গাই ক্ৰয় কৰিছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ ফাৰ্মে। এজনী গাইৰ মূল্য আছিল ৬৬ হাজাৰ টকা। সেই অনুসৰি মুঠ ১৩ লাখ ২০ হাজাৰ টকা মূল্যৰে ২০জনী গাই ক্ৰয় কৰা হৈছিল।
এই গাই বিক্ৰীৰ বিষয়টোক লৈ সংবাদ মাধ্যমত একাংশ বাতৰি প্ৰকাশ পাইছিল। তাতকৈ মন্ত্ৰী বৰুৱাই আজি স্পষ্টভাৱে কৈছে— “৯০জনী গাইৰ ভিতৰত ২০জনী গাই মোৰ পত্নীৰ ফাৰ্মে ক্ৰয় কৰিছে। তাৰ বাবে কোনো অনিয়ম হোৱা নাই। ৰাজ্য চৰকাৰৰ মাধ্যমেৰে ঘোষণা কৰা আঁচনি অনুসৰি ক্ৰয় কৰা হৈছে। এজনী গাইৰ মূল্য ৬৬ হাজাৰ টকা ধৰা হৈছিল।”
তেওঁ লগতে উল্লেখ কৰে— “২০টা গোট (ফাৰ্ম)ক কেন্দ্ৰীয় চৰকাৰৰ পক্ষৰ পৰা সাহায্য প্ৰদানৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল। ইয়াৰ বিপৰীতে মুঠ ১৬টা আবেদন পৰিছিল, যাৰ ভিতৰত এটা বাতিল হৈছিল। মোৰ পত্নীৰ ফাৰ্মে ১ কোটি ৬৪ লাখ ৮৮ হাজাৰ টকাৰ এটা আঁচনিৰ বাবে আবেদন কৰিছিল আৰু চৰকাৰী অনুদান লাভ কৰিছিল। এইটো যদি অনিয়ম হয়, তেন্তে কেনেকৈ দুখীয়াৰ ভাত মাৰিলে বুলি কোৱা হয়?”
সংবাদমেলত মন্ত্ৰী বৰুৱাই আৰু কয়, “মই যিদিনাৰ পৰা বিজেপিত যোগদান কৰিলো, তেতিয়াৰ পৰা এতিয়ালৈকে কোনো অনৈতিক বা অনিয়ম মূলক কাম কৰা নাই। কংগ্ৰেছত থাকোঁতে বিভিন্ন সময়ত দলৰ বাবে কিছুমান কাম কৰিব লগা হৈছিল, তাৰ দায়িত্ব কংগ্ৰেছে ল’ব। বিজেপিত ২০১৫ চনত যোগ দিয়াৰ পাছত বিগত ১০ বছৰত কেতিয়াও বেয়া কাম কৰা নাই।”
তেওঁ স্পষ্টভাৱে কয়— “মোৰ পত্নীৰ ফাৰ্ম কোনো অনিয়মৰ জৰিয়তে খোলা হোৱা নাই। চৰকাৰে কৃষি, উদ্যোগ, অন্যান্য খণ্ডলৈ যিদৰে ৰাজসাহায্য দিয়ে, সেই অনুসৰেই এই সাহায্য লোৱা হৈছে। এইটো কোনো অসাধু প্ৰক্ৰিয়া নহয়। সংবাদমেলত মই এজন বিজেপি নেতা হিচাপে নহয়, এজন পিতৃ, এজন স্বামীৰ ভূমিকা লৈ আহিছো। মোৰ কন্যাই মোক ফোন কৰি কৈছে— মই ঘূৰি আহি অসমত কাম নকৰোঁ। কিয়নো মই কাম কৰিলেও মোকো কোনোবাই এনেদৰে বজাব।”
মন্ত্ৰীগৰাকীয়ে সংবাদমেলৰ শেষত কয়— “অসমত বহুতে হত্যা আৰু হিংসা বিচাৰে। হত্যাৰ দৰে দুৰ্নীতি ঘটিলেও তেওঁলোকৰ ব্যৱসায় চলি থাকে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি বিকাশৰ দিশে আগবাঢ়িবলৈ চেষ্টা কৰিছো। আমি ভগৱান নহয়— ভুল হ’ব পাৰে, কিন্তু ভুল কৰিলে উত্তৰ দিবলৈ সদায় সাজু আছো। আমি সত্যৰ পথতে আগবাঢ়িছো, সংবাদমাধ্যমেও অনুগ্ৰহ কৰি সত্য সংবাদ প্ৰকাশ কৰক।”