আদিবাসী চাহ জনগোষ্ঠীৰ উদীয়মান গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী জীতেন তাঁতিৰ এটি মনমোহা দৃশ্য শ্ৰব্য টুচু গীত ” টুচু মায়েৰ চৰনে ” মুক্তি পালে । গীতটোৰ কথা আৰু সুৰ জীতেন তাঁতিৰ। গীতটোত নিজে কণ্ঠদান কৰাৰ লগতে প্ৰিয়ংকা মুণ্ডা আৰু সংগীতা মুণ্ডাই সহযোগী কণ্ঠ শিল্পী হিচাপে কণ্ঠদান কৰিছে।
সংগীত ব্যবস্থাপনা কৰিছে অনুপম মাঝিয়ে। ইতিমধ্যে গীতৰ চিত্ৰগ্ৰহণো কৰা হৈছে। চিত্ৰগ্ৰহণ কৰিছে কিৰণ ৰয় আৰু পৰিচালনা কৰিছে ৰাধা গোবিন্দ তাঁতিয়ে। সুন্দৰ চিত্ৰগ্ৰহণৰ গীতটো অসমবাসী ৰাইজে আদৰি লব বুলি কণ্ঠশিল্পী জীতেন তাঁতি আশাবাদী। গীতটো Jiten Janu Official ইউটিউব চেনেলত উপলব্ধ হ’ব বুলি কণ্ঠশিল্পী গৰাকীয়ে জানিবলৈ দিয়ে।

