Jhantu Ali Sheikh: সামৰিক মৰ্য্যদাৰে শেষ বিদায় জান্টু আলী শ্বেখক

কাশ্মীৰত নিহত হোৱা জান্টু আলী শ্বেখক সামৰিক মৰ্য্যদাৰে শেষ বিদায়।(Jhantu Ali Sheikh)

কাশ্মীৰত উগ্ৰপন্থী আক্ৰমণত নিহত হোৱা ঝন্টু আলী শ্বেখক গীতেৰে বিদায় দিলে জোৱানসকলে। তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰই নিহত জোৱানজনৰ ঘৰলৈ গৈ শ্ৰদ্ধাঞ্জলি জনায়।

শুকুৰবাৰে নিশা নিজ ৰাজ্যলৈ নিয়া হয় ঝান্টুৰ মৃতদেহ। নিশা মৃতদেহটো বাৰাকপুৰৰ সেনা চিকিৎসালয়লৈ লৈ যোৱা হয়। তাৰ পৰা শনিবাৰে পুৱা মৃতদেহটো তেহাটাৰ পাথাৰঘাটাস্থিত জোৱানজনৰ গাঁৱৰ ঘৰলৈ লৈ যোৱা হয়। তাতে সামৰিক মৰ্য্যদাৰে জান্টুক বিদায় দিয়া হয়।

এটা কফিনত জান্টুৰ মৃতদেহ দেখি মাক, দেউতাক আৰু পত্নীয়ে কান্দি কান্দি উঠিল। পত্নীয়ে ক’লে, “আমি মাত্ৰ প্ৰতিশোধ বিচাৰো।” “তেওঁক যিদৰে হত্যা কৰা হৈছিল, উগ্ৰপন্থীসকলকো একেদৰেই হত্যা কৰা হওক।” ৰাতিপুৱাৰ পৰাই চুবুৰীয়া জান্টুৰ ঘৰত গোট খাইছিল।

জম্মু-কাশ্মীৰৰ উধামপুৰত পহলগাম কাণ্ডক লৈ সৃষ্টি হোৱা হুলস্থুলৰ মাজতে উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰে সেনা জোৱান জাণ্টুক। তেওঁ ৬ পেৰা এছ এফত কাম কৰি আছিল। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও ফোনযোগে জান্টুৰ পৰিয়ালৰ সৈতে কথা পাতিছিল।

মঙলবাৰে জম্মু-কাশ্মীৰৰ পহলগামৰ বৈছাৰন উপত্যকাত উগ্ৰপন্থীৰ আক্ৰমণত কমেও ২৬জন পৰ্যটক নিহত হয়। সূত্ৰ অনুসৰি আক্ৰমণকাৰীৰ সংখ্যা আছিল পাঁচৰ পৰা ছয়জন।


Related Articles