ঝুমুৰ বিনন্দীয়া, শীৰ্ষক নৃত্যত উজ্বলি উঠিছে সৰুসজাই বাকৰি।
বিশ্ব দৰবাৰত উজলিবলৈ সাজু ঝুমুৰ নৃত্য।(Jhumoir Binandini)
আজি সৰুসজাই ষ্টেডিয়ামত চূড়ান্ত অনুশীলন।
দিনটো অনুশীলনৰ পিছতে সন্ধিয়া ৬ বজাত চূড়ান্ত অনুশীলন চাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত প্ৰদৰ্শন হ’ব ঝুমুৰ নৃত্য।
কেৱল প্ৰধানমন্ত্ৰীয়ে নহয় ঝুমইৰ বিনন্দিনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৬০ দেশৰ ৰাষ্ট্ৰদূতে ।
শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, সোমবাৰে চাহ বাগিচা অঞ্চলৰ ৮ হাজাৰৰো অধিক যুৱক-যুৱতীৰ ঝুমুৰ নৃত্য চাবলৈ ৰাজ্যত প্ৰথমবাৰৰ বাবে ৬০খন দেশৰ ৰাষ্ট্ৰদূত একত্ৰিত হ’ব। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ‘ঝুমইৰ বিনন্দিনী’ৰ প্ৰতিগৰাকী অংশগ্ৰহণকাৰী ২৫ হাজাৰকৈ টকাকৈ দিম, প্ৰশিক্ষকসকলক দিম ৩০ হাজাৰকৈ টকা। লগতে বাগিচা এলেকাত সাংস্কৃতিক ক্লাব প্ৰতিষ্ঠাৰ বাবে আৰ্থিক অনুদানৰ ঘোষণা কৰে।
২৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ২৭ খন জিলাৰ পৰা অহা মুঠ ৮ হাজাৰৰো অধিক শিল্পীয়ে পৰিৱেশন কৰিব ঝুমুৰ নৃত্য।

