দৈনন্দিন বাৰ্তাৰ সেৱা, ডিব্ৰুগড়, ২০ ছেপ্টেম্বৰঃ( Jinki Mili Dibrugarh) দীৰ্ঘদিনে পলাতক আছিল চুমি বৰাৰ বৌয়েক জিংকি মিলি। প্ৰৱঞ্চক তথা চুমী বৰাৰ বৌৱেক জিংকি মিলিক ডিব্ৰুগড় সদৰ থানাত জেৰা চলোৱা হৈছিল। আৰক্ষীয়ে বিচাৰি নোপোৱা জিংকিয়ে আত্মসমৰ্পন কৰিছিল ডিব্ৰুগড় সদৰ থানাত। দীৰ্ঘদিনে পলাতক আছিল চুমি বৰাৰ বৌয়েক জিংকি মিলি। Online Trading: প্ৰৱঞ্চক তথা চুমী বৰাৰ বৌৱেক জিংকি মিলিক ডিব্ৰুগড় সদৰ থানাত জেৰা চলোৱা হৈছিল। আৰক্ষীয়ে বিচাৰি নোপোৱা জিংকিয়ে আত্মসমৰ্পন কৰিছিল ডিব্ৰুগড় সদৰ থানাত। দীৰ্ঘদিনৰ পৰা আত্মগোপন কৰি আছিল প্ৰৱঞ্চক জিংকি।জামিন লাভৰ পাছত ডিব্ৰুগড় আৰক্ষী থানাত উপস্থিত হ’ল চুমি বৰাৰ বৌয়েক জিংকি মিলি। প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে জিংকি মিলিয়ে । জিংকিয়ে ক’লে, “চুমী-বিশালৰ ট্ৰেডিং কেলেংকাৰীত মই জড়িত নহয়। সেইকাৰণে নিজকে সুৰক্ষিত ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি হাজিৰ হৈছিলোঁ। আজি মোৰ ষ্টেটমেণ্ট ৰেকৰ্ড কৰিলো। যিমানখিনি সহযোগিতা মোৰ ফালৰ পৰা লাগে মই কৰিম।” কিছু চৰ্তসাপেক্ষে অন্তৱৰ্তীকালীন অগ্ৰিম জামিন লাভ কৰিছিল জিংকিয়ে।
জিংকি মিলিয়ে জামিন পোৱাক লৈ উঠিছিল প্ৰশ্ন। গুৱাহাটী উচ্চ ন্যায়ালয়ে অন্তৰ্ৱৰ্তীকালীন জামিন দিছিল জিংকি মিলিক। জিংকি মিলিয়ে জামিন পোৱাৰ পাছতে জোকাৰণি উঠিছিল ৰাজ্যৰ গৃহ বিভাগত। ইয়াৰ পাছতে পোহৰলৈ আহিছিল বিদ্যুৎ বিকাশ গগৈৰ সন্দেহজনক ভূমিকা। ৰহস্যজনকভাৱে জামিনৰ বিৰোধিতা কৰা নাছিল বিদ্যুৎ বিকাশ গগৈয়ে। জামিনৰ সকলো নথি লুকুৱাই ৰখাৰ অভিযোগ গগৈৰ বিৰুদ্ধে। লোক ফৰিয়াদী মাখন ফুকনৰ পৰা লুকুৱাইছিল নথিসমূহ। ফলত আদালতত উপস্থিত থাকিব পৰা নাছিল মাখন ফুকন।