Breaking

একুৰি কবিৰ কবিতাৰে জীপাল সন্ধিয়া মৰিয়নিৰ শৈক্ষিক সমন্বয় ক্ষেত্ৰ

0 75

এক বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা মৰিয়নি প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ আজিৰ সন্ধিয়া ন পূৰণি কবিৰ কবিতাৰে কাব্য়ময় পৰিবেশৰ সৃষ্টি হয় ।অনুষ্ঠানটি উদ্বোধন কৰে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক কবি, প্ৰৱন্ধকাৰ , গৱেষক ড° মানিক শইকীয়া।
সদৌ অসম কবি সন্মিলনৰ উপ -সভাপতি উজ্জ্বল পাওগামে সঞ্চালকৰ ভূমিকাৰে এক গভীৰ মাত্ৰা প্ৰদান কৰে।

শিৱসাগৰৰ একালৰ সদৌ অসম কবি সন্মিলনৰ সভাপতি চাৰি কুৰি বছৰীয়া প্ৰেম গগৈ, ধনশিৰিৰ কবি ৰাজুমণি বেজবৰুৱা, ৰঞ্জিত গগৈ, পৰাগ জ্যোতি মহন্ত,দি আৰ কলেজৰ ইংৰাজী বিভাগৰ প্ৰবক্তা, কবি দীগন্ত শইকীয়া, ৰাজ্যিক দবা খেলুৱৈ তথা কবি জোনমণি গগৈ, সত্যজিত নাথ, প্ৰদীপ গগৈ,ডা° মনোমোহন গগৈ, প্ৰণৱ কুমাৰ গগৈ,বিনয় শইকীয়া, ইন্দিৰা পাওগাম, দীপাংকৰ বৰা,জীন্তু শইকীয়া, প্ৰীতম শইকীয়া,মনোজ্ঞ প্ৰাণ বৰদলৈ, সূৰ্য কমল বনিয়া, আৰু মিকু শইকীয়া একুৰি কবিয় কবিতা পাঠ কৰে।


মৰিয়নিৰ পৰা কৃষ্ণ প্ৰসাদ শৰ্মাৰ প্ৰতিবেদন

Leave A Reply