একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমৰ ফলত মানুহে অসাধ্যকো সাধ্য কৰিব পাৰে । নিৰবিচ্ছিন্ন চেষ্টাৰ ফলত বহু জটিল কাম পিছলৈ সহজ হৈ পৰে । এনেকুৱা অসাধ্যকো সাধ্য কৰি দেখুৱাইছে নলবাৰী জিলাৰ এগৰাকী ছাত্ৰই । নলবাৰী জিলাৰ চামতাৰ আমনি গাঁওৰ জমিৰ উদ্দিন আহমেদ আৰু মজিদা বিবিৰ পুত্ৰ জিতু উদ্দিন আহমেদে কাঠেৰে এখন চাইকেল নিৰ্মাণ কৰি বৰ্তমান ছ’চিয়েল মিডিয়াত চৰ্চালৈ আহিছে । এটা ব্যতিক্ৰমী বস্তু সৃষ্টি কৰাৰ দূৰ্বাৰ হেপাঁহ থকা জিতুই ২০১৬ চনত প্ৰথমে চাইকেল নিৰ্মাণৰ প্ৰস্তুতি আৰম্ভ কৰে । প্ৰথমে বাঁহেৰে চাইকেল নিৰ্মাণৰ প্ৰস্তুতি কৰা জিতু উদ্দিনে প্ৰথম প্ৰচেষ্টাত সফল হ’ব নোৱাৰিলে । প্ৰথমে সফলতাৰ মুখ দেখা নাপালেও তেওঁ নিজৰ লক্ষ্যৰ পৰা বিচলিত হোৱা নাছিল । নিজৰ একাগ্ৰতা আৰু চেষ্টাৰ ফলত জিতু এতিয়া সফল হ’ল । ১০-১২ দিনৰ নেৰা-নেপেৰা প্ৰচেষ্টাত জিতুৱে কাঠৰ চাইকেলখন নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে । জিতুৱে ইতিমধ্যে বাঁহ আৰু কাঠেৰে গীটাৰ, উৰাজাহাজ, ঘৰ, দগা-পাল্লা আদি সাজিবলৈ সক্ষম হৈছিল । উল্লেখযোগ্য যে জিতুৱে কাঠেৰে বৃহৎ আৰু ক্ষূদ্ৰ চাইকেল নিৰ্মাণ কৰি India Book of Record ত নিজৰ নাম লিপিবদ্ধ কৰাৰ প্ৰবল হেপাঁহ । সেইবাবে তেওঁ দিয়াচলাইৰ কাঠিৰে এখন অতি ক্ষূদ্ৰ চাইকেল ইতিমধ্যে নিৰ্মাণ কৰি উলিয়াইছে । তেওঁ চাইকেল দুখনৰ নিৰ্মাণৰ ভিডিঅ’ ইতিমধ্যে India Book Of Record লৈ পঠিয়াইছে।


