ভূমিৰ বিনিময়ত চাকৰিঃ লালুৰ পৰিয়াললৈ পুনৰ ইডিৰ চমন…

বিহাৰত ৰাজনৈতিক অস্থিৰতা বৃদ্ধি পোৱাৰ সময়তে বিপদ নামি আহিছে লালু প্ৰসাদৰ পৰিয়াললৈয়ো৷ এপিনে ক্ষমতাৰ পৰা অপসাৰিত হোৱাৰ ভয়, আনপিনে ইডিৰ ৰঙা চকু৷ শনিবাৰে দিল্লীৰ আদালতে আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱ, তেওঁৰ পত্নী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰি দেৱী, তেওঁলোকৰ কন্যা হেমা যাদৱক ভূমিৰ বিনিময়ত চাকৰি কেলেংকাৰী কেলেংকাৰীৰ সন্দৰ্ভত ৯ ফেব্ৰুৱাৰীত হাজিৰ হ’বলৈ নিৰ্দেশনা জাৰি কৰিছে৷ শনিবাৰে অনুষ্ঠিত এক শুনানিৰ সময়ত দিল্লী ৰাউজ এভিনিউ আদালতে লালু প্ৰসাদ যাদৱ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে জড়িত ভূমি-চাকৰি কেলেংকাৰি সন্দৰ্ভত ভূমি সঞ্চালকালয়ৰ তদন্তত প্ৰৱৰ্তন সঞ্চালকালয়ে দাখিল কৰা অভিযোগপত্ৰ স্বীকাৰ কৰে।

তদন্ত সংস্থাটোৱে দাখিল কৰা প্ৰথম অভিযোগপত্ৰত আছে ৰাবৰি দেৱী, হেমা যাদৱ, মিছা ভাৰতী, অমিত কাতিয়ালি, হৃদয়ানন্দ চৌধুৰী আৰু গোচৰটোৰ জড়িত অন্যান্যসকলৰ নাম। ৰাউজ এভিনিউ আদালতে ইডিৰ অভিযোগপত্ৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ যাদৱ পৰিয়ালৰ ঘনিষ্ঠ সহযোগী অমিত কাতিয়ালী আৰু প্ৰাক্তন ৰে’ল কৰ্মচাৰী হৃদয়ানন্দ চৌধুৰীকো একে তাৰিখতে আদালতত হাজিৰ হ’বলৈ মাতি পঠোৱা হৈছে।

Related Articles