Breaking

২৭ চেপ্টেম্বৰত সংযুক্ত কৃষান মচাৰ ভাৰত বন্ধ কাৰ্যসূচী : কেন্দ্ৰীয় ট্টেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচন সমূহৰ যৌথ মঞ্চৰ পূৰ্ণ সমৰ্থন

0 1,417

ভাৰতবৰ্ষৰ স্বাধীনতা পাছত গণতান্ত্ৰিক ভাবে গঠিত কংগ্ৰেছ তথা অন্যান্য দলৰ চৰকাৰে ৬০ বছৰত কৰিব নোৱাৰা কাম ৬০ মাহত কৰি দিয়াৰ প্ৰতিশ্ৰুতি দি ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ শাসনভাৰ গ্ৰহণ কৰিছিল। ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ চৰকাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱৰ নেতৃত্বত ৭ বছৰ অতিক্ৰম কৰাৰ পাছতো নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি বিশেষ কোনো কমআচনি‌ গ্ৰহণ কৰাটো বাদেই   ছাত্ৰ,যুৱ, মহিলা, শ্ৰমিক, কৃষক তথা জনসাধাৰণৰ জৰুৰী মৌলিক সমস্যাসমূহৰ সমাধানৰ বাবে ইতিবাচক বাস্তৱ কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে, পুঁজিপতি গোষ্ঠীৰ নিৰ্দেশনাত জনবিৰোধী কাৰ্যাৱলীয়ে ইতিহাস ৰচনা কৰিছে। ভাৰত চৰকাৰৰ এনে কাৰ্যাৱলীৰ প্ৰতিবাদত সমগ্ৰ দেশতে সংগঠিত গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি সমৰ্থন জনোৱাৰ উপৰিও, ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছ (আই এন টি ইউ চি) য়ে দেশৰ শ্ৰম সংগঠন সমূহৰ উমৈহতীয়া মঞ্চৰ যোগেদি ভাৰত চৰকাৰৰ জনবিৰোধী নীতিৰ প্ৰতিবাদত বিভিন্ন পৰ্যায়ত প্ৰতিবাদী গণতান্ত্ৰিক আন্দোলন সংগঠিত কৰিছে। ভাৰতবৰ্ষৰ স্বাধীনতাৰ পাছত গঠিত জাতীয় গণতান্ত্ৰিক চৰকাৰৰ পৰিকল্পিত কমআচনিৰ ফলত প্ৰচলন কৰা,শিক্ষা,স্বাস্হ্য,জণস্ংযোগ, প্ৰতিৰক্ষা, বৈদেশিক পৰিক্ৰমাৰ দৰে দেশৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ আৰু বেংক-বীমা, ৰেল পৰিবহন, বিমান পৰিবহণৰ উপৰিও ৰাষ্ট্ৰীয় খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান সমূহত ব্যক্তিগতকৰণ কৰাৰ ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিছে। অতি সাম্প্ৰতিক দেশৰ সংবিধান প্ৰদত্ত আইনৰ বিশেষকৈ, শ্ৰমিক, কৃষক সকলৰ ন্যায আইন সংশোধন কৰিবলৈ লোৱা নেতৃবাচক কাৰ্যই সকলোকে আচম্বিত কৰিছে। এই জনবিৰোধী কাৰ্যাৱলীৰ প্ৰতিবাদত দেশজুৰি অব্যাহত থকা গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচীক অলপো গুৰুত্ব প্ৰদান নকৰি, ইয়াক প্ৰতিৰোধ কৰিবলৈ লোৱা চৰকাৰৰ নিস্ফল প্ৰচেষ্টাক কঠোৰ ভাষাৰে গৰিহণা দিছে, ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছ অসম শাখাই । দেওবাৰে এক প্ৰেছ বিবৃতি যোগে ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছ অসম শাখাৰ সভাপতি হিৰণ্য বৰা আৰু সম্পাদক পূৰ্ণকান্ত বুঢ়াগোহাঁইয়ে নৰেন্দ্ৰ মোদী দেৱৰ নেতৃত্বাধীন বিজেপি তথা ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ চৰকাৰে গ্ৰহণ কৰা শ্ৰমিক কৃষক তথা জনবিৰোধী নীতিৰ প্ৰতিবাদত দেশজুৰি চলোৱা গণতান্ত্ৰিক আন্দোলনৰ অংশ স্বৰূপে অহা ২৭ চেপ্টেম্বৰত সংযুক্ত কৃষান মচাই জনোৱা ভাৰত বন্ধ কাৰ্যসূচীলৈ, কেন্দ্ৰীয় ট্টেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচন সমূহৰ যৌথ মঞ্চই পূৰ্ণ সমৰ্থন আগবঢ়াইছে আৰু ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছ অসম শাখাৰ সভাপতি হিৰণ্য বৰা আৰু সম্পাদক পূৰ্ণকান্ত বুঢ়াগোহাঁইয়ে এই ভাৰত বন্ধ কাৰ্যসূচী সফল ৰূপায়ন কৰিবলৈ সকলো গণতান্ত্ৰিক ব্যক্তি, দ’ল, সংগঠনৰ প্ৰতি আহ্বান জনাইছে।

Leave A Reply