ক’ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰে যান-বাহনৰ ক্ষেত্ৰত জাৰি কৰি নীতি নিদেৰ্শনা| সমগ্ৰ ৰাজ্যখনৰ লগতে তিনিচুকীয়া জিলা মাৰ্ঘেৰিটাতো দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা | ইয়াৰ পিছতো যেন মুঠেও সচেতন নহয় একাংশ লোক | যান-বাহনৰ ক্ষেত্ৰত চৰকাৰে জাৰি কৰা এচ,অ, পিয়ে চোব পৰা নাই মাৰ্ঘেৰিটাৰ একাংশ যান-বাহনৰ চালকক| মাৰ্ঘেৰিটাৰ ৰাজপথত যুগ্ম অযুগ্ম সকলোবোৰ সংখ্যা যান-বাহনৰ অবাধ চলাচল হৈ আছে|ক’ভিডৰ ভয়াবহতাক লৈ তিলমানো সচেতন নহয় মাৰ্ঘেৰিটাৰ এইসকল যান-বাহনৰ চালক আৰু গৰাকীৰ| এই ক্ষেত্ৰত নিৰ্বিকাৰ মাৰ্ঘেৰিটা আৰক্ষীৰ প্ৰশাসন| এইদৰে অবাধ গতিত যান-বাহনৰ লগতে জনসমাগম অব্যাহত থাকিলে অতি শীৰ্ঘ্ৰে মাৰ্ঘেৰিটাত ক’ভিডে ভয়াবহ ৰূপ ধাৰণা নুই কৰিব নোৱাৰি|

