Breaking

চাপৰৰ সত্যপুৰত আৰক্ষী আৰু আবকাৰী বিভাগৰ যৌথ অভিযান ।

0 33

চাপৰৰ সত্যপুৰত আৰক্ষী আৰু আবকাৰী বিভাগৰ যৌথ অভিযান । চুলাই মদৰ বিৰুদ্ধে এই অভিযান ।

অভিযানত ধংশ চুলাই মদৰ ঘাটিসহ চুলাই বনোৱা সা সামগ্ৰীধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত সত্যপুৰ বতৰদলত চাপৰ আৰক্ষী আৰু আবকাৰী বিভাগে চুলাই মদৰ বিৰুদ্ধে এক যৌথ অভিযান চলায়।

অভিযানত কেইবাটাও চুলাই মদৰ ঘাটি উৎসাত কৰাৰ লগতে বুজন পৰিমাণৰ চুলাই মদ থিতাতে নষ্ট কৰিবলৈ সক্ষম হয়।চাপৰ আৰক্ষী থানাৰ এছ আই দিজেন্দ্ৰ মেধীয়ে গাঁওৰ মুৰব্বী সকলক এখন গাঁও সভা পাতি গাঁওখনৰ পৰিবেশ সুন্দৰ কৰি তুলিবলৈ আহ্বান জনায়।

লগতে বিষয়াগৰাকীয়ে কয় যে যদি কোনোবাই মদ খাবলৈ আহে তেন্তে তেওঁলোকক মদ দিবলৈ বাধা দিব যদি নামানে তেন্তে ওচৰৰ আৰক্ষী থানাত খবৰ দিবলৈ আহ্বান জনায়।

Leave A Reply