Breaking

ৰহাৰ ঐতিহাসিক জোঙালবলহু গড়ত জোঙালবলহু দিৱস উদযাপন

0 25

ৰহাৰ ঐতিহাসিক জোঙালবলহু গড়ত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে জোঙালবলহু দিৱস উদযাপন কৰা হয়। তিৱা জাতিৰ পিতৃপুৰুষ, শৌৰ্য-বীৰ্যৰ প্ৰতীক তথা ঐতিহাসিক বীৰ ৰজা জোঙালবলহুৰ স্মৃতিত ২০২২ চনৰ পৰা এই জোঙালবলহু দিৱস উদযাপিত হৈ আহিছে।

তিৱা স্বায়ত্ত পৰিষদৰ পৃষ্ঠপোষকতাত আৰু তিৱা জাতীয় সংগঠনৰ উদ্যোগত অনুষ্ঠিত এই জোঙালবলহু দিৱসত উজ্জ্বলি উঠে তিৱা জাতিৰ স্বক্ৰীয় কৃষ্টি-সংস্কৃতি। ঐতিহাসিক ৰজাগৰাকীৰ ৰাজধানী জোঙালবলহু গড়ত অনুষ্ঠিত হোৱা এই জোঙালবলহু দিৱসত পুৱা তিৱাসকলৰ পৰম্পৰাগত ফিদৃ ফূজা (পিতৃ পূজা)ৰে কাৰ্যসূচী আৰম্ভ কৰা হয়। ইয়াৰ পিচতে জোঙালবলহুৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন, তিৱা জাতীয় সংগঠনসমূহৰ পতাকা উত্তোলন কৰা হয়। ১১বজাত অনুষ্ঠিত হয় ‘জোঙালবলহু আৰু তিৱা জাতি’ শীৰ্ষক আলোচনা চক্ৰ।

আলোচনা চক্ৰত বিশিষ্ট আলোচকসকলে ঐতিহাসিক তিৱা ৰজাগৰকাৰীৰ সাহস, বাহুবল জাতিৰ প্ৰতি কৰা ত্যাগ আৰু আদৰ্শক শ্ৰদ্ধাৰে সোঁৱৰে। দুপৰীয়া অনুষ্ঠিত হয় মুকলি সভা। মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মুখ্যমন্ত্ৰীৰ সদিচ্ছাৰ বাবেই জোঙালবলহু গড়ে প্ৰাণ পাই উঠিছে বুলি মন্তব্য কৰে।

জোঙালবলহু গড় অসমৰ ভিতৰতে এখন উন্নত পৰ্যটন ক্ষেত্ৰ হ’ব বুলি মন্তব্য কৰি পৰ্যটন মন্ত্ৰীগৰাকীয়ে বিজেপি চৰকাৰে প্ৰতিটো জাতি-জনগোষ্ঠীক মৰ্যাদা প্ৰদান কৰাৰ লগতে সুৰক্ষা আৰু বিকাশৰ বাবে গুৰুত্ব দি আহিছে। মুকলি সভাতে স্মৃতিগ্ৰন্থ ‘জোঙালবলহু’ উন্মোচন কৰে ৰহা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বেদ কুমাৰ চলিহাই।

অনুষ্ঠানত ৰহাৰ বিধায়ক শশীকান্ত দাস, তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন কোঁৱৰ, তিৱা জাতীয় সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে। উল্লেখ্য যে ঐতিহাসিক বীৰ ৰজাগৰাকীৰ ৰাজধানী তথা ঐতিহাসিক স্থান জোঙালবলহু গড়ক আধুনিক পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিবৰ বাবে অসম চৰকাৰে ইতিমধ্যে ৫০ কোটি টকা আৱণ্টন দিয়াৰ লগতে জোঙালবলহু ক্ষেত্ৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে আঁচনি ৰূপায়ণ কৰিছে।

Leave A Reply