Breaking

মাধৱদেৱ বিশ্ববিদ্যালয়ত জোনমণি বৰাৰ উপন্যাস ‘অৱগুন্থন’ উন্মোচন…

0 45

নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি বিশিষ্ট লেখিকা জোনমণি বৰাৰ উপন্যাস ‘অৱগুন্থন উন্মোচন কৰা হয়। বিশিষ্ট সাহিত্যিক লক্ষ্যপতি দেউৰীৰ সভাপতিত্বত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দিনৰ এক বজাত গন্থখন উন্মোচন কৰে বিশিষ্ট ব্যৱসায়ী তথা লেখক যুগল মহেশ্বৰীয়ে। বিশিষ্ট সাহিত্যিক তথা চিকিৎসক ড: অতুল খাউণ্ড, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক গৌতম কাকতি উপস্থিত থাকি বক্তব্য ৰখা সভাখনৰ আঁত ধৰে বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক তানচেন খাংকেউৱে। সভাত ব্যংগ কবি ৰাজেন বৰাই স্বৰচিত কবিতা পাঠ কৰাৰ লগতে কবি ৰূপম বৰাই জোনমণি বৰুৱাৰ সাহিত্য কৃতি আৰু সাম্প্ৰতিক সময়ৰ লেখক আৰু পাঠকৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। নগাঁৱৰ আনন্দ প্ৰকাশনে প্ৰকাশ কৰা ৪১৪ পৃষ্ঠৰ গ্ৰন্থখনৰ অৰিহণা ৫২৫টকা।

এটা সঁচা কাহিনীৰ আলমত গ্ৰাম্য পটভূমিত লিখা উপন্যাসখনৰ মূল কাহিনীটো আগবঢ়াই নিওতে লেখিকাই কাল্পনিক উপ কাহিনীৰ সহায় লোৱা বুলি ভাষন প্ৰসংগত উল্লেখ কৰে। উল্লেখযোগ্য যে শিশু কবিতাৰ মাধ্যমেৰে জনপ্রিয়তা অর্জন কৰা জোনমণি বৰাৰ ঘৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত। ২০০০ চনৰ পৰাই আমাৰ অসম’, ‘দৈনিক জনমভূমি’, ‘অসমীয়া প্রতিদিন’ আদি বাতৰি কাকতত গল্প, প্রবন্ধ লেখাৰ উপৰিও ‘মৌচাক’, ‘বাৰ ওঠৰ’, ‘সঁফুৰা’, ‘চিন্তামণি’, ‘মণিকাঞ্চন’ আদি আলোচনীসমূহতো তেওঁ মাজে-সময়ে লেখা-মেলা কৰি আহিছে। অসমৰ বিভিন্ন প্রান্তৰ পৰা প্রকাশিত বহু স্মৃতিগ্রন্থত তেখেতৰ কেইবাটাও গুৰুত্বপূর্ণ প্রবন্ধ প্রকাশ পাইছে। শেহতীয়াকৈ তেখেতৰ ‘অকণিৰ কবিতা’ আক ‘খুপি-তৰা’ নামৰ দুখন কবিতা পুথি প্ৰকাশিত হৈছে।

‘থুপি-তৰা’ নামৰ কবিতা পুথিখানে ‘হিয়াৰ ৰামধেনু শিশু সাহিত্য’ৰ উদ্যোগত অনুষ্ঠিত ২০২৩ বর্ষৰ শিশু সাহিত্যৰ প্রতিযোগিতাত ‘কৃষ্ণ ৰায়মেধি সোঁৱৰণী হিয়াৰ ৰামধেনু শিশু সাহিত্য বঁটা’ লাভ কৰিবলৈ সক্ষম হয়। ‘অৱগুণ্ঠন’ তেখেতৰ প্রথম উপন্যাস। এটি সঁচা কাহিনীৰ আধাৰত লেখা উপন্যাসখন ইতিমধ্যে সামাজিক মাধ্যমত আপলোড কৰা হৈছিল। তেখেতৰ অন্য এখন উপন্যাস ‘অচিনা পানচৈ। লেখিকাৰ শিশু উপন্যাস ‘জিতু গংগাহঁতৰ অভিযান’, ‘স্মৃতিৰ লেছেৰি বুটলি’ (আত্মকথা), ‘অণুগল্প আৰু অন্যান্য ৰচনা বর্তমান প্রকাশৰ পথত। সাহিত্য চর্চাৰ উপৰিও তেখেত এগৰাকী গীতিকাৰ। তেখেতে লেখা আৰু সুৰাৰোপ কৰা গীতত জনপ্রিয় গায়িকা পৰিণীতা গোস্বামী আৰু ধ্রুৱজ্যোতি ডেকাই কণ্ঠদান কৰিছে। ২০১৭ চনৰ ‘গামোচা’ কেছেটত তেখেতৰ কথা আৰু সুৰৰ এটি বিহুগীত নীলিম তপন আৰু ধ্ৰুৱজ্যোতি ডেকাই কণ্ঠদান কৰিছে।

Leave A Reply