Jorhat Azad Choudhary: যোৰহাটৰ আজাদ চৌধুৰীৰ সম্পত্তিত প্ৰশাসনৰ বুলড’জাৰ

আজাদ চৌধুৰীৰ সম্পত্তিত জিলা প্ৰশাসনৰ হাতোৰা। (Jorhat Azad Choudhary)

অবৈধভাৱে চৰকাৰী ভূমি দখল কৰি থকা আজাদ চৌধুৰীৰ ঘৰ উচ্ছেদ কৰিলে যোৰহাট জিলা প্ৰশাসনে।

কিছু দিন পূৰ্বে বিষয়টোক কেন্দ্ৰ কৰি বীৰ লাচিত সেনাই কৰিছিল তীব্ৰ প্ৰতিবাদ।

বীৰ লাচিত সেনাৰ প্ৰতিবাদৰ পাছতে বিপদত পৰে আজাদ চৌধুৰী।

আজাদৰ বাসগৃহত তদন্ত কৰিবলৈ উপস্থিত হৈছিল বিষয়াৰ দল।

অৱশেষত আজি আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ।

আজাদ চৌধুৰীৰ সম্পত্তিত জিলা প্ৰশাসনৰ হাতোৰা পৰা পিছতে সামাজিক মাধ্যমত পোষ্ট শৃংখল চলিহাৰ। শৃংখল চলিহাই কয় যে এই জয় যোৰহাটৰ স্বভিমানী খিলঞ্জীয়া ৰাইজৰ জয় ৷ বীৰ লাচিত সেনা অসমৰ সকলো সৈনিক আৰু যোৰহাটৰ সচেতন জনতাক অন্তৰৰ পৰা ধন্যবাদ জনালোঁ ৷ জয় আই অসম।

এইদৰে সামাজিক মাধ্যমত পোষ্ট দিয়ে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই।

Related Articles