Breaking

যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ মাতৃৰ দেহাৱসান

0 2,114

যোৰহাট লোক সভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ মাতৃ, সোণাৰি সমষ্টিৰ অন্তৰ্গত বিমলাপুৰ অঞ্চলৰ স্থায়ী বাসিন্দা, ধৰ্মপৰায়ন মহিলা সৰুমাই গগৈৰ আজি পৰলোক প্ৰাপ্তি ঘটে। দীৰ্ঘদিন ধৰি বাৰ্দ্ধক্য জনিত ৰোগত আক্ৰান্ত হৈ থকা সাংসদ গৰাকীৰ মাতৃৰ আজি পুৱা হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত তেখেতক সোণাৰিৰ ৰজাপুখুৰীস্থিত মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।চিকিৎসালয়খনত চিকিৎসাধীন অৱস্থাত সাংসদ গৰাকীৰ মাতৃ সৰুমাই গগৈ (৮০) ৰ মৃত্যু হয়।তেখেতৰ মৃতদেহ বৰ্ত্তমান বিমলাপুৰস্থিত সাংসদ গৰাকীৰ বাসগৃহত যথেষ্ট সংখ্যক গুণমুগ্ধৰ উপস্থিতিত শেষ শ্ৰদ্ধাঞ্জলি জনাই অন্ত্যোষ্টিক্ৰীয়া সম্পন্ন কৰা হয়।সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ মৃত্যুত শোক প্ৰকাশ কৰা লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, সদৌ অসম ছাত্র সন্থাৰ কেন্দ্ৰীয় তথা জিলাৰ  বিষয়ববীয়া, শিক্ষক সমাজ, বিজেপিৰ কৰ্মকৰ্তা তথা বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়া সকলে। 

Leave A Reply