সোণাধৰ গগৈ সোঁৱৰণী সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ ৩৪ সংখ্যক শিশু সমাৰোহ

শিশুৰ কলৱৰে মুখৰিত সোণাধৰ গগৈ সোঁৱৰণী সমন্বয় ক্ষেত্ৰ। ২৩ জানুৱাৰী পৰা ২৫ জানুৱাৰীলৈ মৰিয়নি লাহদৈগড় মৰাণ গাঁওৰ বুৰঞ্জীবিদ সমাজহিতৈষী সোণাধৰ গগৈ সোঁৱৰণী সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ ৩৪ সংখ্যক শিশু সমাৰোহ।জোনালী মইনা পাৰিজাত, কুঁহি মইনা পাৰিজাত আৰু অংকুৰজ্যোতি মইনা পাৰিজাত তথা স্থানীয় ৰাইজৰ আতিথ্যত এই সমাৰোহ খন অনুষ্ঠিত হৈছে।

সমাৰোহ খনিৰ প্ৰথম দিনটোত বিভিন্ন কাৰ্যসূচীৰ লগতে পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ মূখ পত্ৰ উন্মোচন কৰে নকছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক সূচীব্ৰতা পাত্ৰয়ে আৰু আৰু স্মৃতিগ্ৰন্থ উন্মোচন কৰে ‍যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপক ড০ জ্যোতি ৰেখা হাজৰিকাই।ইয়াৰ পাছতে ক্ৰীড়া, সঙ্গীত, সাহিত্য আৰু নাটক প্ৰতিযোগিতা সমুহ অনুষ্ঠিত হয়। শিশুৰ কলৱৰে মুখৰিত সোণাধৰ গগৈ সোঁৱৰণী সমন্বয় ক্ষেত্ৰ তিনিদিনীয়া কাৰ্যসূচীৰে শেষৰ দিনৰ আকৰ্ষণ সংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হয়।

Related Articles