Breaking

যোৰহাট মহকুমা চাউদাং জাতীয় পৰিষদৰ কাৰ্যালয় উদ্বোধন

0 192

আহোম ৰজাঘৰৰ বিশ্বাসভাজন চাউদাংসকলৰ আজিৰ প্ৰজন্মৰ একাংশ জাতিপ্ৰেমীয়ে চাউদাং জনগোষ্ঠীক যুগ সাপেক্ষভাৱে আগুৱাই নিবলৈ আগবাঢ়ি আহিছে। যোৰহাট মহকুমা চাউদাং জাতীয় পৰিষদৰ নেতৃবৃন্দৰ উদ্যোগত যোৱা ০২ ডিচেম্বৰত ছ্যুকাফা তথা অসম দিৱসৰ সৈতে সংগতি ৰাখি যোৰহাট জিলা আৰু মহকুমা সমিতিৰ কাৰ্যালয়ৰ শুভ উদ্বোধন হৈ যায়।

ক্ষেত্ৰভূমিৰ প্ৰৱেশদ্বাৰ চাউদাং জাতীয় পৰিষদ, অসমৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক সুৰজিৎ গগৈয়ে মুকলি কৰে। ভূমিদাতা পৰিয়ালৰ মণ্টু গগৈয়ে কাৰ্যালয় উদ্বোধন কৰাৰ পাছতেই ভূমিৰ পূৰ্বগৰাকী ৰুষেশ্বৰ মইনা গগৈ আৰু ৰংদৈ গগৈৰ স্মৃতিত কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি জিতুল গগৈ আৰু মহকুমা সমিতিৰ আইন উপদেষ্টা পতুল গগৈয়ে বন্তি প্ৰজ্বলন কৰে। দক্ষিণ যোৰহাটৰ চিনামৰা চৰ্দাৰ আলি কেবাং গাঁৱত কাৰ্যালয় শুভাৰম্ভ হোৱাৰ লগে লগেই অসম দিৱস উপলক্ষে আহোম ৰাজত্বৰ পাতনি মেলি বৰ অসম গঢ়ি যোৱা স্বৰ্গদেউ ছ্যুকাফালৈ সকলোৱে তৰ্পণ উচৰ্গে।

প্ৰতিচ্ছবিত প্ৰদীপ আগবঢ়াই কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি অমিয় কুমাৰ বৰুৱাই। অনুষ্ঠানৰ আঁত ধৰে সক্ৰিয় সাংগঠনিক সম্পাদক ৰূপক গগৈয়ে। মহকুমা সমিতিৰ সম্পাদক জিতেন গগৈয়ে কাৰ্যসূচীৰ পাতনি মেলে। সভাপতি ছায়াপ্ৰকাশ শেনচোৱাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত কেন্দ্ৰীয় সমিতিৰ আইন উপদেষ্টা মলেন কুমাৰ গগৈ আৰু মহকুমা সমিতিৰ বিশেষ প্ৰতিষ্ঠাপক উপদেষ্টা লাটু গগৈয়ে ছ্যুকাফাৰ আদৰ্শ আৰু পৰিষদৰ লক্ষ্য সম্পৰ্কে ব্যাখ্যা দাঙি ধৰে। বিভিন্ন দিশত থানেশ্বৰ বৰুৱা, সোমেশ্বৰ বৰা, গীতিকা শইকীয়াকে ধৰি ভালেকেইগৰাকী বিশিষ্টই মতামত আগবঢ়ায়।

Leave A Reply