Breaking

যোৰহাটত সূৰুয ড্ৰামাৰ ‘নিসংগতাৰ কোলাহল’ মহুৰত

0 56

সাংস্কৃতিক দিশত অগ্ৰণী যোৰহাটৰ চাৰিগাঁও অঞ্চলত নাট্যধাৰা অক্ষুণ্ণ ৰাখি বিশেষভাৱে প্ৰভাৱ বিস্তাৰ আৰু বহু শিল্পী প্ৰতিষ্ঠিত হোৱাত অৱদান যোগোৱা স্বনামধন্য নাট্যশিল্পী অনিল চন্দ্ৰ বৰদলৈৰ সোঁৱৰণত সূৰুয ড্ৰামা প্ৰডাকচন ওৱৰ্কচে নাট্য সন্ধিয়া উচৰ্গা কৰিব।

এই উপলক্ষে একেই শিল্পী স্ৰষ্টা আন এগৰাকী নাট্য সাধক মানবেন্দ্ৰ শৰ্মাৰ ৰচিত-পৰিচালিত নাটক ‘নিসংগতাৰ কোলাহল’ কালি গংগা বিবাহ ভৱনত শুভ মহুৰত হৈ যায়। বৰদলৈৰ পুত্ৰ ৰঞ্জিত বৰদলৈ, বোৱাৰী পূৰ্ণিমা বৰদলৈ প্ৰমুখ্যে পৰিয়ালবৰ্গৰ আন্তৰিকতাক অনিল চন্দ্ৰ বৰদলৈলৈ নাট্য নিবেদনেৰে সূৰুযে জনোৱা এইয়া তৃতীয় বাৰ্ষিক উচিত শ্ৰদ্ধা।

মহুৰত অনুষ্ঠানত পিতৃক সুঁৱৰি ৰঞ্জিত বৰদলৈয়ে প্ৰদীপ অৰ্পণ কৰে। নাট্যকাৰ-পৰিচালক মানবেন্দ্ৰ শৰ্মা আৰু অন্যতম বিষয়ববীয়া চন্দন ঠাকুৰে নাটকৰ বিষয়-কাহিনী অভিনেতা-অভিনেত্ৰীসকলক বুজাই দিয়ে। সভাপতি বিনোদ গগৈ আৰু জ্যেষ্ঠ শিল্পী অৰ্পণ শৰ্মা পাঠকে শুভ মহুৰতত ভাগ লয়।

সঞ্জীৱ চিকু, কিচ্যুৎ দত্ত, বিৰাজ দত্ত, পূৰৱী শইকীয়া, পাৰ্থ প্ৰতিম শৰ্মা, ময়ূৰপংখী কৌশিক, অপৰাজিতা কৌশিক, দেৱজিৎ বৰা, চঞ্চলজ্যোতি বৰদলৈ, অপৰাজিতা দত্ত, স্নেহা বৰদলৈ, গোবিন দত্ত আদি শিল্পীসকলৰ উপস্থিতিত মহুৰত অনুষ্ঠান সফলতাৰে সম্পন্ন হয়। নাটকখন ১৯ ডিচেম্বৰৰ সন্ধিয়া যোৰহাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত বিনামূলীয়াকৈ প্ৰদৰ্শন হ’ব বুলি সভাপতি বিনোদ গগৈয়ে জানিবলৈ দিছে।

Leave A Reply