ভোটাৰৰ সজাগতা বৃদ্ধি আৰু নিৰ্বাচনী প্ৰক্ৰিয়াত সক্ৰিয় অংশগ্ৰহণৰ প্ৰসাৰৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগৰ এক বৃহৎ পদক্ষেপ হৈছে SVEEP(Systematic Voters’ Education and Electoral Participation)। SVEEP ৰ লক্ষ্য হৈছে ভোটাৰসকলক ভোটদানৰ গুৰুত্ব, নিৰ্বাচনী পদ্ধতি, আৰু গণতন্ত্ৰ শক্তিশালী কৰাত তেওঁলোকৰ ভূমিকা সম্পৰ্কে জ্ঞান দিয়া।
আগন্তুক বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি ২০ মাৰ্চ, ২০২৬ তাৰিখে যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত জয় শিৱানীয়ে যোৰহাট নিৰ্বাচনী জিলাৰ বাবে মাস্কট “যোলৌ” উন্মোচন কৰে।
মাস্কট উন্মোচন কৰি জিলা আয়ুক্তগৰাকীয়ে কয় যে “যোলৌ” হৈছে এক সজাগতা আৰু উৎসাহিত কৰাৰ প্ৰতীক, যাৰ উদ্দেশ্য হৈছে ভোটাৰসকলক শিক্ষিত আৰু সজাগ কৰি নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা। বিশেষকৈ নতুন ভোটাৰসকলক নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে আহ্বান জনায়।
SVEEP কোষৰ ভাৰপ্ৰাপ্ত আৰু ন’ডেল বিষয়া তথা সহকাৰী জিলা আয়ুক্ত সিন্ধু এন ৰাঘৱন (ভা: প্ৰ: সে:) আৰু SVEEP ৰ সহকাৰী ভাৰপ্ৰাপ্ত বিষয়া তথা সহকাৰী আয়ুক্ত দৃষ্টি শিখা ফুকনে ভোটাধিকাৰ সাৱ্যস্ত কৰাৰ বাবে শপত বাক্য পাঠ কৰোৱা অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্তসকল, নিৰ্বাচনী বিষয়া, ৰাজহ চক্ৰ বিষয়াসকল, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল প্ৰমুখ্যে সংশ্লিষ্ট বিষয় – ববীয়াসকল আৰু বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰী উপস্থিত থাকে।
উল্লেখ্য যে ২০২৫ বৰ্ষৰ যোৰহাট জিলা দিৱসৰ মাস্কট প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা যোৰহাট টিলিকিআম বেজ গাঁৱৰ নিৱাসী তথা চৰকাৰী কলা আৰু শিল্প মহাবিদ্যালয়, আগৰতলাত অধ্যয়নৰত ছাত্ৰ শ্ৰী প্ৰশান্ত কুৰ্মীয়ে আগন্তুক বিধানসভা নিৰ্বাচন- ২০২৬ ৰ মাস্কট “যোলৌ” তৈয়াৰ কৰি উলিয়ায়।

