Breaking

টিংখাঙত সাংবাদিক অমৰজ্যোতি আৰন্ধৰাক সম্বৰ্ধনা

0 1,552

ডিব্ৰুগড় জিলাৰ টিংখাং বিধান সভা সমষ্টিৰ প্ৰাণ কেন্দ্ৰ ৰাজগড় দৈনিক বজাৰ আৰু চুপাৰ মাৰ্কেট দূৰ্গাপূজা সমিতিয়ে সাংবাদিক তথা দূৰ্গাপূজা সমিতিখনৰ প্ৰাক্তন সভাপতি অমৰজ্যোতি আৰন্ধৰাক বৃহস্পতিবাৰে এক অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰে।এই অনুষ্ঠানতে সমিতিখনৰ অন্য এগৰাকী প্ৰাক্তন সভাপতি অসিত সেনকো দূৰ্গাপূজা সমিতিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে। এই উপলক্ষে পূজাৰ স্থলীত দূৰ্গাপূজা উদ্‌যাপন সমিতিৰ সভাপতি তথা টিপমীয়া মধ্য ইংৰাজী বিদ্যালয়ৰ  অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰাজেন ভট্টৰ সভাপতিত্বত অনুষ্ঠিত সভাত অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা টিংখাং বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক এতোৱা মুণ্ডা,ৰাজগড় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মাইনা দাস,সাংবাদিক মনোজ সিং প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি ভাষণ প্ৰদান কৰে।সভাত উদ্‌যাপন সমিতিৰ কাৰ্যকৰী সভাপতি নিখিল বৰুৱা, বিত্ত আৰু পৰিকল্পনা বিভাগৰ সম্পাদক নীৰৱ লিকচন,সম্পাদক লক্ষণ পাল,অনুপ জয়ছোৱালসহ সমূহ ব্যৱসায়ী তথা বিষয় ববীয়াৰ লগতে বহুসংখ্যক স্থানীয় লোক উপস্থিত থাকে।এইবাৰ দূৰ্গাপূজাৰ মণ্ডপস্থলী আগবঢ়োৱা স্থানীয় ব্যৱসায়ী মুনু বাচাক অনুষ্ঠানত উদ্‌যাপন সমিতি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে।উল্লেখ্য যে ৰাজগড়ৰ মাজমজিয়াত থকা চুপাৰ মাৰ্কেটখনত বিগত পোন্ধৰ বছৰ ধৰি দূৰ্গাপূজা অনুষ্ঠিত হৈ আহিছে।এই পূজাখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আৰম্ভণিতে সাংবাদিক অমৰজ্যোতি আৰন্ধৰা,ব্যৱসায়ী অসিত সেন,বিমল দে’,মুক্তিনাথ জয়ছোৱাল প্ৰমুখ্যে কেবাগৰাকী ব্যক্তিয়ে উদ্যোগ গ্ৰহণ কৰিছিল।আনহাতে ৰাজগড়কে ধৰি সমগ্ৰ টিংখাং অঞ্চলত অনুষ্ঠিত প্ৰায় কুৰিখন দূৰ্গাপূজা অতি শান্তিপূৰ্ণভাৱে সম্পন্ন হয়।

Leave A Reply