আজি অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ নগাঁও বৈদ্যুতিক চক্ৰৰ মুখ্য কাৰ্যালয়ত বিদ্যুৎ বিভাগৰ শীৰ্ষ বিষয়া সকলে সাংবাদিকৰ লগত মত বিনিময় কৰে। মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰি নগাঁও বৈদ্যুতিক চক্ৰৰ মুখ্য মহা প্ৰবন্ধক অভিজিত শৰ্মা বৰুৱাই কয়-গ্ৰাহকৰ সমস্যাৰ গুৰুত্ব দিয়াৰ বাবে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। গ্ৰাহক সকলে সন্মুখীন হোৱা বিভিন্ন সমস্যা সমূহ ক্ষীপ্ততাৰে সমাধান কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। বিদ্যুৎ পৰিষদক ব্যক্তিগত কৰণৰ কথা এতিয়াও অহা নাই বুলি মন্তব্য কৰি শৰ্মা বৰুৱাই জানিবলৈ দিয়ে যে আমি যাতে শক্তি বেছিকৈ আহৰণ কৰিব পাৰো তাৰ বাবে কাম কৰি আছো। যাতে আমাৰ প্ৰতি গ্ৰাহকক আকৰ্ষিত কৰিব পাৰো। তদুপৰি বিদ্যুৎ বিভাগে এতিয়াৰ পৰা মাৰ্কেটিঙৰ কামো আৰম্ভ কৰিছে। মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰি নগাঁও বৈদ্যুতিক সংমণ্ডলৰ মুখ্য কাৰ্যকৰী বিষয়া বিমল পালে জানিবলৈ দিয়ে যে নগাঁৱৰ বৈদ্যুতিক সংমণ্ডলৰ অন্তৰ্গত হোজাই আৰু নগাঁও জিলাত ৫টা সংমণ্ডল, ১০ টা উপসংমণ্ডল আৰু ৫ লাখৰো অধিক গ্ৰাহক আছে। তেওঁ লগতে এই কথাও জানিবলৈ দিয়ে যে- গ্ৰাহকৰ পৰা যিমান ৰাজহ সংগ্ৰহ হ’ব লাগে বহু গ্ৰাহকে ৰাজহ আদায় নিদিয়াত আমি সম্পূৰ্ণ ৰাজহ সংগ্ৰহ কৰিব পৰা নাই। তাৰ পিছতো আমি গ্ৰাহকক ২৪ ঘন্টাই বিদ্যুৎ যোগানৰ প্ৰয়াস কৰি আহিছো। সোভাগ্য আঁচনিৰ জৰিয়তে জিলাখনত ৬১,৩১৮ গৰাকী দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকক বিনামূলীয়াকৈ বিদ্যুতৰ সংযোগ দিয়া হৈছে। সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে যে কিছু কিছু দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তি নোহোৱাৰ পিছতো একাংশই এই আঁচনি সুবিধা লাভ কৰিছে বুলি মন্তব্য কৰি তেওঁ জানিব দিয়ে যে- এই সম্পৰ্কে অনুসন্ধান চলাই থকা হৈছে। তেওঁ এইটো কথাও জানিবলৈ দিয়ে যে- সোভাগ্য আঁচনিৰ হিতাধিকাৰীক কেৱল সংযোগ হে বিনামূলীয়া কৰা হৈছে। বিদ্যুতৰ বিল বিনামূলীয়া কৰা হোৱা নাই। বিদ্যুৎ বিভাগৰ পদক্ষেপৰ বাবেই বিদ্যুৎ বিভাগৰ তাঁৰত লাগি সংঘটিত দুৰ্ঘটনা এতিয়া ৫০% হ্ৰাস পাইছে। তদুপৰি নিৱনুৱা যুৱক- যুৱতীৰ বাবে এক আঁচনি আৰম্ভ কৰা হৈছে বুলি তেওঁ জানিবলৈ দি কয়-এই আঁচনিৰ জৰিয়তে যুৱক- যুৱতী সকল উপকৃত হ’ব। মত বিনিময় অনুষ্ঠানত নগাঁও সংমণ্ডলৰ মহাপ্ৰৱন্ধক মৃদুল শইকীয়া, অতিৰিক্ত মহাপ্ৰৱন্ধক মনিৰুল ইছলাম আহমেদ, মুনিন্দ্ৰ কুমাৰ নাথ, বিশ্বজিৎ দেৱ নাথ আৰু প্ৰাঞ্জল প্ৰতীম বৰা আদিয়ে অংশগ্ৰহণ কৰে।

