journalist: প্ৰসংগঃ সাংবাদিকৰ ধৰ্ম, ৰাইজৰ প্ৰতিনিধি হৈ কাম কৰক সাংবাদিকে

আমাৰ ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ। (journalist) গণতন্ত্ৰত চাৰিটা স্তম্ভৰ কথা উল্লেখ আছে। গণতন্ত্ৰৰ এই চাৰিটা স্তম্ভ হ’ল- ন্যায় পালিকা, কাৰ্যপালিকা, বিধানমণ্ডল আৰু সংবাদ মাধ্যমৰ অধিকাৰ। সেয়ে সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আখ্যা দিয়া হয়। ইয়াৰ কাৰণ হ’ল গণতান্ত্ৰিক দেশত জনসাধাৰণৰ মতামত বা জনসাধাৰণৰ বক্তব্য সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা হয়। গতিকে সংবাদ মাধ্যমত ঘূণে ধৰা মানে ৰাইজৰ কণ্ঠ ৰোধ হোৱাটোকে বুজাব। ৰাইজৰ অভাৱ-অভিযোগ সাহসেৰে দাঙি ধৰিব পৰাটোৱেই হৈছে সংবাদ মাধ্যমৰ প্ৰধান দায়িত্ব। নহ’লে এখন চৰকাৰ চৈৰাচাৰী হৈ পৰাটোৱেই নিশ্চিত। গতিকে গণতন্ত্ৰত সাংবাদিক বা সংবাদ মাধ্যমৰ প্ৰয়োজনীয়তা অত্যধিক। সাংবাদিকে জনসাধাৰণৰ স্বাৰ্থত চৰকাৰৰ ভুল-ত্ৰুটি, অন্যায়-অবিচাৰ অথবা শোষণ-নিষ্পেষণৰ স্বৰূপ জনসাধাৰণৰ সন্মুখত উদঙাই দিয়াৰ অধিকাৰ নিশ্চয়কৈ আছে। সাংবাদিকে প্ৰশ্ন কৰাৰ অধিকাৰ কেৱল সংবাদ মাধ্যমৰে অধিকাৰ নহয়, এয়া দেশৰ নাগৰিকৰো অধিকাৰ। গতিকে সাংবাদিকক প্ৰশ্ন কৰাৰ পৰা কোনেও বাৰণ কৰিব নোৱাৰে।

সংবাদ মাধ্যম সজাগ-সচেতন নহ’লে শাসকীয় চৰকাৰখনে জনসাধাৰণৰ অলক্ষিতে প্ৰলোভন, অন্যায়, শোষণ, আত্মসাৎ আদিৰ দৰে কাৰ্যবোৰ সহজতে কৰি যাবলৈ সুযোগ-সুবিধা লাভ কৰিব। আনকি শাসকপক্ষ স্বেচ্ছাচাৰী হৈ পৰাৰো সম্ভাৱনা অধিক। মুঠতে সাংবাদিকে জনসাধাৰণৰ মুখপাত্ৰ হৈ চৰকাৰৰ প্ৰতিটো অন্যায়ৰ বিৰুদ্ধে থিয় দিব লাগিব। প্ৰকৃতাৰ্থত সাংবাদ মাধ্যম বা সাংবাদিকৰ এয়াই হ’ল ধৰ্ম। কেৱল গণতান্ত্ৰিক শাসন ব্যৱস্থাতে নহয় সংবাদ মাধ্যমে যিকোনো শাসন ব্যৱস্থা বা শাসকগোষ্ঠীৰ দাৰা পৰিচালিত সমাজ, ৰাজনীতি, অৰ্থনীতি নিৰীক্ষণ কৰি আহিছে আৰু কৰি যাব। ইয়াক কোনেও বাধা দিব নোৱাৰে। মুঠতে দেশৰ নাগৰিকৰ যি অধিকাৰ আৰু কৰ্তব্য সেয়া সংবাদ মাধ্যমৰো অধিকাৰ আৰু কৰ্তব্য। গতিকে কোনো চৰকাৰে সংবাদ মাধ্যমৰ অধিকাৰ খৰ্ব কৰিব নোৱাৰে। সংবাদ সেৱা কৰাসকলে সেয়ে কাৰো ওচৰত মূৰ দোৱাই সংবাদ পৰিৱেশন কৰিব নালাগে অথবা পক্ষপাতিত্ব কৰিও সংবাদ পৰিৱেশন কৰাটো যুগুত নহয়। যদি তাকে নকৰি সংবাদ মাধ্যমৰ লোকসকলে কোনোবা ক্ষমতাশালী লোক অথবা শাসকপক্ষৰ বহতীয়া হৈ সংবাদ সেৱাত জড়িত হ’ব লগা হয় তেনেহ’লে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত বৰ বেয়াকৈ ঘূণে ধৰিব। তেতিয়া এখন গণতান্ত্ৰিক দেশৰ নাগৰিকসকলৰ সকলো পিনৰ পৰাই আহুকালৰ সৃষ্টি হ’ব। কাৰণ গণতন্ত্ৰৰ প্ৰহৰীয়েই যেতিয়া পক্ষপাতৰ আশ্ৰয় লয় তেতিয়া দেশৰ সৰ্বনাশ হ’বলৈ, জনসাধাৰণৰ সৰ্বনাশ হ’বলৈ আৰু বেছি পৰ নালাগিব। কাৰণ সংবাদ মাধ্যমৰ এই দুৰ্বলতাৰ সুযোগ লৈ শাসক পক্ষ চৈৰাস্বাৰী হৈ পৰিব আৰু তেওঁলোকৰ যি ইচ্ছা তাকেই বিনাদ্বিধাই কৰি যাব। সাংবাদিকৰ এনে দুৰ্বলতাৰ সুযোগ ইতিমধ্যেই ৰাইজৰ ভোটেৰে নিৰ্বাচিত হৈ আহা জনপ্ৰতিনিধিসকলে সেই ভোটাৰসকলৰ মূৰৰ ওপৰত উঠি নাচিবলৈ আৰম্ভ কৰিছেই। আনকি সাংবাদিকৰ ওপৰতো বিভিন্ন প্ৰকাৰে ভয়-ভাবুকি, অত্যাচাৰ আৰম্ভ কৰি দিছে। কাৰণ তেওঁলোকে ভালদৰেই বুজি উঠিছে যে ইতিমধ্যে সাংবাদিকৰ মাজত থাকিবলগীয়া ঐক্য-সমন্বয় বিনষ্ট হৈ পৰিছে। আৰু এই বিভাজনৰ জালত যিসকলে ভৰি দিছে তেওঁলোকে দূৰৰ পৰাই সৎ সাহসী সাংবাদিকসকলৰ পক্ষত নাথাকি শাসকপক্ষৰ ষড়যন্ত্ৰৰ সহযোগীহে হৈ পৰিছে। কিন্তু এই সাংবাদিকৰ মাজতো আছে বহু সৎ সাহসী সাংবাদিক। যাৰ বাবে আজিও সংবাদ মাধ্যমটোৱে শিৰ নত নকৰাকৈ নিজৰ লক্ষ্যত স্থিৰ হৈ থাকিবলৈ সক্ষম হৈ আছে। এনে উদাহৰণ বহুত আছে।

তাৰ ভিতৰত যাদি আমি চাবলৈ যাওঁ তেনেহ’লে উল্লেখ কৰিবই লাগিব এইসকল মহান সাংবাদিকৰ কথা। নানা বিপদ-বিঘিনিৰ সন্মুখীন হৈয়ো সেইসকল সাংবাদিকে জনসাধাৰণক দি গৈছে নিৰপেক্ষ আৰু প্ৰকৃত সংবাদ। শেহতীয়াকৈ বৰ্তমান চলি থকা ইজৰাইল-পেলেষ্টানৰ যুদ্ধত ইজৰাইলৰ সেনাই গাজা ভূখণ্ডত কেইবাসহস্ৰাধিক শিশু-মহিলাক হত্যা কৰাৰ যি ভয়াৱহ ছবি সেই দুৰ্বিষহ ছবিখনো সাংবাদিকেই তেওঁলোকৰ জীৱনকো তুচ্ছ জ্ঞান কৰি সংবাদ পৰিৱেশন কৰিছে। এনেদৰে সংবাদ সংগ্ৰহ কৰিবলৈ যাওঁতে বহু সাংবাদিকে নিজৰ জীৱন বলি দিবলগীয়াও হৈছে। তথাপি কিন্তু তেওঁলোক পিছ হুঁহকি অহা নাই। ‘উইকিলিকছ’ৰ প্ৰতিষ্ঠাতা তথা প্ৰখ্যাত সাংবাদিক জুলিয়ান আছাঞ্জেই বিগত মে’ মাহত ‘কান ফিল্ম ফেষ্টিভেল’লৈ গৈ ইজৰাইলী সেনাৰ আক্ৰমণত নিহত হোৱা ৪,৯৮৬টি শিশুৰ নাম খোদিত কৰা ছাৰ্ট পৰিধান কৰি অতি সাহসেৰে প্ৰতিবাদ কৰিছিল। তেওঁ বিশ্ববাসীক দেখুৱাই দিছিল সাংবাদ মাধ্যমৰ বা সাংবাদিক সৎ সাহসৰ কথা। তেৱোঁ ইচ্ছা কৰা হ’লে হয়তো পাৰিলেহেঁতেন ইজৰাইল বাহিনীৰ তৈলমৰ্দন কৰি বাহ বাহ ল’ব। কিন্তু তেওঁ তেনে নকৰিলে। কাৰণ তেওঁ এগৰাকী প্ৰকৃত সাংবাদিক। তেওঁ প্ৰতাৰণা কৰিব নোৱাৰে। আজিৰ একাংশ সাংবাদিকে তেওঁলোকৰ সাংবাদিকতা ধৰ্ম ধৰি ৰাখিব নোৱৰাৰ বাবেই হয়তো শাসকপক্ষই সাংবাদিকলৈ আঙুলি টোঁৱাব পাৰিছে। তুচ্ছ-তাচ্ছিল্য কৰিবলৈ সাহস কৰিছে। আচলতে সাংবাদিকৰ পিছে পিছে দৌৰিব লাগিছিল নেতা-মন্ত্ৰী-বিধায়ক, ক্ষমতাশালী লোকসকল। কিন্তু আজি বাস্তৱ ক্ষেত্ৰত দেখা গৈছে অনবৰতে একাংশ সংবাদ সেৱা কৰা লোকেহে দৌৰি ফুৰিছে মন্ত্ৰী-বিধায়কৰ পিছে পিছে। তেওঁলোকৰ মুখপাত্ৰৰ ভূমিকা গ্ৰহণ কৰিছে। এয়াই কিন্তু সংবাদ ক্ষেত্ৰখনৰ বাবেই বৰ ভয়াৱহ ইংগিত বহন কৰিছে। আমাৰ এইসকল সাংবাদিকে মনত ৰখাটো ভাল যে বালীলৈ যিপাট শৰ সুগ্ৰীবলৈও সেই পাটেই শৰ। আজি তেওঁৰ বিপৰীতে থকা শৰপাট এদিন হয়তো তেওঁৰ ফালেও টোঁৱাব পাৰে কোনোবাই। এনেবোৰ কথাৰ বাবেই আজি একাংশ সাংবাদিকক ‘গোদী মিডিয়া’ আখ্যা দিয়া হৈছে। আজি সাংবাদিকক ‘তলৰ শ্ৰেণীৰ সাংবাদিক’ বুলি তুচ্ছ-তাচ্ছিল্যও কৰিব পৰা হ’ল। আজি এজনক কৰিছে আকৌ কাইলৈ আন এজনক যে নকৰিব তাৰ কি মানে আছে।


এনেবোৰ কথাই সমগ্ৰ সংবাদ মাধ্যমটোকে হেয় কৰা হোৱা নাইনে ? গতিকে সাংবাদিকসকলে সাংবাদিক নামধাৰী চোলাটোৰ বুটামকেইটা মজবুটকৈ মাৰি নল’লে এদিন সেই সাংবাদিক নামধাৰী চোলাটো সকলোৱে টানি-আঁজুৰি ছিঙি পেলাব। তেতিয়া কিন্তু ক্ষমতাধাৰীসকলৰ বিপদ নহয়, হ’ব সাংবাদিকসকলৰহে। গতিকে কথাবোৰ গভীৰভাৱে চিন্তা কৰি চোৱাৰ সময় সমাগত। সেই বুলি আমি সাংবাদিকসকলে শাসকপক্ষৰ ভাল কামখিনিৰ বিষয়েও নিশ্চয় ৰাইজক অৱগত কৰিব লাগিব। সকলো সময়তে বিৰোধ কৰি গ’লেও সাংবাদিকৰ ধৰ্ম ৰক্ষা নহ’ব। কথা হ’ল বিৰোধীৰ পক্ষত লিখিলেই যদি শাসকপক্ষৰ ৰোষত পৰিবলগীয়া হয় তেনেহ’লে ইয়াৰ প্ৰতিবাদ কৰিবই লাগিব সাংবাদিকসকলে। কাৰণ সাংবাদিকসকলে কেৱল ৰাইজৰ হৈহে কাম কৰিব লাগিব, জনসাধাৰণৰ অভাৱ-অভিযোগ চৰকাৰক জনাব লাগিব।

কাৰণ গণতন্ত্ৰত সকলো লোকৰে সমিধান বিচৰাৰ অধিকাৰ সংবিধানে দিছে। সংবাদ মাধ্যমৰ লোকসকলৰ মাজত যেতিয়া বিভিন্ন মতপাৰ্থক্য থাকিব তেতিয়া শাসকপক্ষৰ সুবিধা হয় তেওঁলোকৰ মতে কাৰ্য সমাপন কৰিবলৈ। কাৰণ সাংবাদিকৰ মাজত থকা বিৰোধৰ বাবেই জনসাধাৰণৰ অভাৱ-অভিযোগবোৰ সঠিক ৰূপত উপস্থাপন কৰাত সক্ষম হ’ব নোৱাৰে সাংবাদিকে। সংবাদ মাধ্যম যেতিয়া দুৰ্বল হ’ব বা একাংশ সাংবাদিকে যেতিয়া শাসকপক্ষৰ মুখপাত্ৰ হৈ কাম কৰিবলৈ ধৰিব তেতিয়াই গণতন্ত্ৰৰ বিপৰ্যয় আৰম্ভ হয়। আমি দেখি আহিছো, পূৰ্বৰ দৰে আজিৰ সাংবাদিকৰ মৰ্যাদা বহু পৰিমাণে লাঘৱ হৈছে। ইয়াৰ বাবে সংবাদ ক্ষেত্ৰখনেই কিন্তু জগৰীয়া। গতিকে সংবিধানৰ চতুৰ্থ স্তম্ভত ঘূণে যাতে ধৰিব নোৱাৰে, সংবাদ মাধ্যমলৈ যাতে কোনেও আঙুলি টোৱাব নোৱাৰে তাৰ সমস্ত দায়িত্ব কিন্তু আমাৰ সংবাদ মাধ্যমটোৰ লগত জড়িত প্ৰতিগৰাকী সৈনিকৰে। জয়তু সংবাদ মাধ্যম।

Related Articles