সাংবাদিক মিলন মহন্তক নিগ্ৰহৰ ঘটনাত জড়িত লোকক বিচাৰি উচিত শাস্তি প্ৰদানৰ দাবীত উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান

নলবাৰী ১৭ নৱেম্বৰ : ১৫ নবেম্বৰত দক্ষিণ কামৰূপৰ মিৰ্জাৰ ‘অসমীয়া প্ৰতিদিন’ কাকতৰ সাংবাদিক মিলন মহন্তক একাংশ জুৱাৰীয়ে আক্ৰমণ কৰি শাৰীৰিক নিৰ্যাতন কৰা ঘটনাৰ প্ৰতিবাদত আজি ইণ্ডিয়ান জাৰ্নালীস্ট এছ’চিয়েছনৰ নলবাৰী জিলা সমিতিয়ে আজি জিলা উপায়ুক্তকৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱাললৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰা হয়৷ সাংবাদিকৰ ওপৰত চলা এই ধাৰাবাহিক আক্ৰমণে অশুভ ইংগিত বহন কৰি আাহিছে। সেয়েহে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানক এনেবোৰ ঘটনা ৰোধৰ ক্ষেত্ৰত শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ইণ্ডিয়ান জাৰ্ণেলিষ্ট এছ’চিয়েছনৰ নলবাৰী জিলা সমিতিয়ে । এই ক্ষেত্ৰত ইণ্ডিয়া জাৰ্নালিষ্ট এছ’চিয়েচনৰ নলবাৰী জিলা সমিতিয়ে আজি স্মাৰকপত্ৰ যোগে এই ঘটনাৰ নিৰপেক্ষ তদন্ত বিছাৰিছে ৷ আৰু অতিশীঘ্ৰে দোষীক কৰায়ত্ব কৰি উপযুক্ত শাস্তি বিহাৰ দাবী জনোৱাৰ লগতে আৰু সাংবাদিকৰ ভবিষ্যত জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনাই৷

Related Articles