সাংবাদিক মৃদুপৱন চুতীয়া আৰু সমাজকৰ্মী দেৱজিৎ দাশগুপ্ত লৈ বঁটা…

চিলাপথাৰৰ অগ্ৰনী অনুষ্ঠান সাৰথি স্বেচ্ছাসেৱী সংস্থা আৰু বৃহত্তৰ চিচিবৰগাঁও প্ৰেছ ক্লাবৰ যৌথ উদ্যোগত চিলাপথাৰ বানিজ্যিক ৰাজহুৱা প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে ৰাভা দিৱসৰ পালন কৰাৰ প্ৰস্তুতি চলিছে। কাৰ্যসূচী মৰ্মে ২০ জুনৰ সন্ধিয়া ৬ বজাত জাফা ধেমাজি জিলা সভাপতি তথা বৃহত্তৰ চিচিবৰগাঁও প্ৰেছ ক্লাব সভাপতি বনমালী মহন্তই বন্তি প্ৰজ্বলনৰে আৰম্ভ হোৱা ৰাভা দিৱসত মাল্য অৰ্পণ কৰিব সাৰথিৰ সভানেত্ৰী অমিলতা টায়ে মিলিয়ে। সন্ধিয়া ৬:৪০ বজাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগৰ প্ৰাথমিক শাখাৰ দিহা নামেৰে শুভ উদ্ধোধন কৰা হ’ব ডাঃ শান্তি ৰাম পেগু সোঁৱৰণী সাংস্কৃতিক মঞ্চ। সন্ধিয়া ৭ বজাৰ পৰা জিলা ভিত্তিত ৰাভা নৃত্য প্ৰতিযোগিতাখনি উদ্ধোধন কৰিব লখিমপুৰস্হিত ইন্দিৰা গান্ধী বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক লক্ষী বৰাই। সন্ধিয়া ৮ বজাত উদযাপন সমিতিৰ সভাপতি কুমুদ দত্তৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা-সম্বৰ্ধনা সভাৰ আতধৰিব গুৱাহাটী বোলছবি আৰু দূৰদৰ্শন ধাৰাবাহিকৰ অভিনেত্ৰী দিব্যলতা দাসে।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ তথা বিশিষ্ট চিকিৎসক ডাঃ হেমহৰি প্ৰসন্ন পেগু, ধেমাজি জিলাৰ অৱসৰপ্ৰাপ্ত স্কুল পৰিদৰ্শক ফটিক চন্দ্ৰ দলে উপস্থিত থাকিব লগতে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গকুল চন্দ্ৰ শইকীয়া, অৱসৰপ্ৰাপ্ত অধ্যক্ষ ঢুণ্ডিৰাজ উপাধ্যায়, অৱসৰপ্ৰাপ্ত অধ্যক্ষ যোগেন্দ্ৰনাথ ভূঞা, কবি ভুবন দাস, দাপোন ভাষাৰ গৱেষক ড০ উত্তম দাস, চিলাপথাৰ লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা অঞ্জুমনি গগৈ, প্ৰধান শিক্ষক ৰোহিত চন্দ্ৰ ৰয়, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক লোকনাথ বৰদলৈ, প্ৰজ্ঞা জ্যোতি সংগীত মহাবিদ্যালয়ৰ মুখ্য সচিব ৰেনু বৰুৱা, ছাত্ৰ মুক্তিৰ সহকাৰী সম্পাদক ৰুদ্ৰ ভূঞা, সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি দেব কলিতা, সহকাৰী সম্পাদক দেবেন ডেকা, বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন ধেমাজি জিলাৰ সম্পাদক মহেশ ৰয়কে ধৰি বহু বিশিষ্ট গণ্য মান্য ব্যক্তি সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। উদযাপন সমিতিৰ সভাপতি কুমুদ দত্ত আৰু যুটীয়া সম্পাদক ক্ৰমে মনোজ কুমাৰ দাস আৰু শম্ভু দাসে জনোৱা মতে ৰাভা দিৱসৰ লগত সংগতি ৰাখি এইবছৰত চিলাপথাৰ প্ৰেছ ক্লাবৰ প্ৰাক্তন সম্পাদক বিশিষ্ট সাংবাদিক প্ৰয়াত “বিনোদ কুমাৰ সিং স্মাৰক বঁটা” চিচিবৰগাওঁৰ অসমীয়া প্ৰতিদিনৰ জেষ্ঠ সাংবাদিক মৃদুপৱন চুতীয়া আৰু চিলাপথাৰ পৌৰসভাৰ প্ৰাক্তন পৌৰপতি তথা বিশিষ্ট সমাজকৰ্মী “পৰিমল দত্ত সমাজসেৱক বঁটা” চিলাপথাৰ হিন্দু শ্মশান ঘাটৰ সম্পাদক তথা অধ্যাপক ড০ দেৱজিৎ দাশগুপ্তক আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হ’ব। লগতে এই বঁটা প্ৰত্যেক বছৰে সমাজৰ দুজনকৈ সমাজহিতৈষীক দিয়া হ’ব । অনুষ্ঠানত সকলো ৰাইজৰ অ্ংশগ্ৰহন তথা সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্ত সমিতিয়ে।

Related Articles