Breaking

নগৰবেৰাৰ কল্যাণপুৰত শিক্ষামূলক আলোচনাচক্ৰৰ সামৰণি অনুষ্ঠানত সাংবাদিক নিতুমণি শইকীয়া

0 2,334

নতুন শিক্ষা নীতিৰ প্ৰৱৰ্তনে আমোল পৰিৱৰ্তন আহিব। যদিও তাৰ কাৰণে যিখিনি আন্তঃগাঁঠনিৰ প্ৰয়োজনীয় হব সেই খিনি ৰজাঘৰীয়াই কেনেদৰে যোগান ধৰে তাৰ ওপৰত নিৰ্ভৰ কৰিব। কালি কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত কল্যাণপুৰএমই স্কুল পৰিচালনা সমিতিৰ উদ্যোগত ছমৰীয়াশিক্ষা খণ্ড ভিত্তিত  তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা শিক্ষামূলক আলোচনা চক্ৰৰ সামৰণি অনুষ্ঠানৰ মুকলি সভাত অংশ গ্ৰহণ কৰি এই মন্তব্য কৰে প্ৰতিদিন টাইমৰ মুখ্য কাৰ্যবাহী সম্পাদক তথা বিশিষ্ট সাংবাদিক নিতুমণি শইকীয়াই। কল্যাণপুৰ এমই স্কুলৰ পৰিচালনা সমিতিৰ সভাপতি আব্দুচ ছামাদ আগমেদে সভাপতিত্ব কৰা সভাখনত নিতুমণি শইকীয়াই কয় নতুন শিক্ষানীতিৰ ফলত  লৰা ছোৱালীৰ ভাবিব নোৱাৰা পৰিবৰ্তন হব। প্ৰথম অৱস্থাত অসুবিধা হ ব পাৰে যদিও অভিভাৱক, ছাত্ৰ আৰু শিক্ষক সমাজে এই ক্ষেত্ৰত সহযোগিতাৰে আগবাঢ়িলে নতুন শিক্ষানীতি ভালেই হব বুলি কয়। চৰকাৰে শিক্ষাৰ উন্নতিৰ কাৰণে  কিছুমান ক্ষেত্ৰত চেষ্টা কৰিছে যদিও চৰকাৰী ব্যৱস্থাটোৱে মানুহৰ আস্থা আৰু  বিশ্বাস ধৰি ৰাখিব পাৰিছে নে বুলি কৈ তেও কয় চহৰ – নগৰ অঞ্চলত চৰকাৰী শিক্ষানুষ্ঠানৰ অৱস্থা ভাল নহয়। কোনো অভিজাত লোক বা চৰকাৰী বিষয়াই নিজৰ সন্তানক  চৰকাৰী বিদ্যালয়লৈ নপঠিয়ায়। মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্তৰ সন্তানসকলহে চৰকাৰী বিদ্যালয়লৈ যায়। ব্যক্তিগত শিক্ষানুষ্ঠানে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। গ্ৰামাঞ্চলতো ব্যক্তিগত বিদ্যালয়ৰ প্ৰতি আকৰ্ষণ বাঢ়িছে। প্ৰাথমিকৰ পৰা মাধ্যমিক পৰ্য্যায়লৈ শিক্ষা ব্যৱস্থাৰ পয়ালগা অৱস্থাৰ বাবে বিগত দিনৰ চৰকাৰ সমূহেই দায়ী বুলি কৈ কয় যে ১৯৯১ আৰু ১৯৯৯ চনৰ পৰাই শিক্ষা ব্যৱস্থাৰ ধ্বংস যজ্ঞ আৰম্ভ হৈছিল। শিক্ষকতাৰ চাকৰি অন্য চাকৰিতকৈ অলপ বেলেগ হব লাগিব। ল’ৰা-ছোৱালীৰ ভৱিষ্যত মাক দেউতাকক বাদ দি শিক্ষকৰ ওপৰতে নিৰ্ভৰ কৰে। সেয়ে অকল চাকৰি কৰাৰ মানসিকতা এৰি  এগৰাকী প্ৰকৃত শিক্ষক হিচাপে ল’ৰা-ছোৱালীৰ ভৱিষ্যত গঢ়িবলৈ শিক্ষা প্ৰদান কৰা উচিত। ভাষণ প্ৰসংগত নিতুমণি শইকীয়াই কয় বিভিন্ন অপৰাধমূলক কৰ্মকাণ্ডত একাংশ সংখ্যালঘু সম্প্ৰদায়ৰ লোক জড়িত হৈ আহি সমগ্ৰ  জাতিটোকে বদনাম কৰা সকলক মষিমূৰ কৰিবলৈ উঠি অহা প্ৰজন্মক আহ্বান জনায়। তদুপৰি সংখ্যালঘু অঞ্চলত ৰাইজৰ মাজত ছোৱালী শিক্ষাৰ প্ৰতি গুৰুত্ব নিদিয়া  মানসিকতা আছে বুলি কৈ কয় যে বাল্য বিবাহেই হৈছে অঞ্চলটোৰ শিক্ষাৰ ক্ষেত্ৰত উন্নতি নোহোৱাৰ মূল কাৰণ। এনে মানসিকতা সলনি কৰি লৰাৰ  সমানে সমানে ছোৱালীকো শিক্ষা দিবলৈ ৰাইজক আহ্বান জনায়। নিজৰ সন্তানক  হিন্দু বা মুছলমান হিচাপে নহয় এগৰাকী প্ৰকৃত মানুহ হিচাপে গঢ়ি তুলিবলৈ আৰু নৱ প্ৰজন্মক হিংসা বিদ্বেষ নোহোৱা এখন অসম,সমাজ আৰু  দেশ নিৰ্মাণ কৰিবলৈ একেলগে থিয় দিবলৈ আহ্বান জনায়। সভাত বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস, কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া, বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিভূতি ভূষণ পাণ্ডা,অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক ৰবিলোচন ঠাকুৰীয়া,যুৱ নেত্ৰী হাচিনা আহমেদ, আব্দুল বাৰিক, সাইজুদ্দিন আহমেদ, ৰেজিয়া চুলতানা প্ৰমুখ্য আৰু বহু কেইজন শিক্ষক, বিশিষ্ট লোক উপস্থিত থাকি ভাষণ প্ৰদান কৰে । 

Leave A Reply