Breaking

সাংবাদিক ৰাজু বৰুৱাক প্ৰয়োজন আপোনাৰ অলপ সহায়ৰ…

0 2,354

দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছে এগৰাকী সাংবাদিক। ৰাজু বৰুৱা নামৰ সাংবাদিক গৰাকী বৰ্তমান অসুস্থ। ৰাজু বৰুৱা নিউজ-18 অসম নৰ্থ ইষ্টত কৰ্মৰত অৱস্থাত আছিল। ৰাজু লিভাৰ চিৰোছিছত আক্ৰান্ত হৈ গুৱাহাটীৰ আয়ুৰসন্দ্ৰা হস্পিতালত চিকিৎসাধীন হৈ আছে।

চিকিৎসকে জনাইছে যে তাৎক্ষণিক ভাৱে তেওঁৰ লিভাৰ ট্ৰান্সপ্লান্ট কৰা আৱশ্যক। উল্লেখ্য যে, গুৱাহাটীত লিভাৰ ট্ৰান্সপ্লান্টৰ ব্যৱস্থা নাই। সেয়ে তেওঁক এয়াৰ এম্বুলেঞ্চ যোগেৰে চেন্নাইলৈ নিব লাগিব। কিন্তু এই গোটেই প্ৰক্ৰিয়াটোত তেওঁৰ চিকিৎসাৰ বাবে প্ৰায় ৪০ লাখ টকাৰ প্ৰয়োজন। এই সময়চোৱাত পৰিয়ালটোক আৰ্থিক সহায়ৰ অত্যন্ত প্ৰয়োজন। কোনোৱে যদি ৰাজুলৈ সহায়ৰ হাত আগবঢ়াব বিচাৰে তেন্তে তলত বেংক একাউন্টৰ তথ্য দিয়া হ’ল-

RAJU BARUAH
SBI TEZPUR
AC— 32823336143
IFSC— SBIN0000195
Google pay No. 9706245425

Leave A Reply