Breaking

সাংবাদিকক আক্ৰমণ চোকা অস্ত্ৰধাৰী দুই অচিনাক্ত দুৰ্বৃত্তৰ

0 44

তিনিচুকীয়া জিলাৰ ফিল’বাৰী-পেঙেৰী সংযোগী পথৰ তৰাণি বনাঞ্চলত নিতৌ সংঘটিত হবলৈ ধৰিছে ডকাইটিৰ ঘটনা । ফিল’বাৰী-পেঙেৰী সংযোগী পথৰ তৰাণি বনাঞ্চলৰ মাজমজিয়াত আজি পুনৰ চোকা অস্ত্ৰধাৰী দুই অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমনৰ বলি হবলগীয়া হৈছে এগৰাকী সাংবাদিক । ফিল’বাৰীৰ যুৱ সাংবাদিক ঘনশ্যাম ছেত্ৰীয়ে মটৰচাইকেলৰে বাতৰি সংগ্ৰহৰ বাবে উক্ত পথেদি পেঙেৰীলৈ গৈ থকা অৱস্থাত তৰাণি বনাঞ্চলৰ মাজত মুখত কলা কাপোৰ বন্ধা দুৰ্বৃত্তৰ দলটোৱে সাংবাদিক গৰাকীৰ আক্ৰমণ কৰে । সাংবাদিক গৰাকীয়ে চিঞৰ-বাসৰ কৰাত অচিনাক্ত অস্ত্ৰধাৰী দলটো জংঘলৰ মাজলৈ পলায়ন কৰে ৷ দুৰ্বৃত্তৰ আক্ৰমনত যুৱ সাংবাদিক গৰাকী কিছু পৰিমানে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে সাংবাদিক গৰাকীৰ মটৰ চাইকেল ভাঙি চুৰমাৰ হয় । ঘটনা সংঘটিত হোৱাৰ লগে-লগে পেঙেৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুৰ্বৃত্তৰ সন্ধানত বনাঞ্চলখনত অভিযান চলাই যদিও বৰ্তমানলৈকে দুৰ্বৃত্তৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই । দুৰ্বৃত্তৰ আক্ৰমনৰ বলি হোৱা সাংবাদিক ঘনশ্যাম ছেত্ৰীয়ে ইতিমধ্যে ঘটনা সম্পৰ্কে পেঙেৰী আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে । উল্লেখযোগ্য যে, ফিল’বাৰী, পেঙেৰী, বুঢ়িদিহিং আদি অঞ্চলত অবৈধ ড্ৰাগছ-কানিৰ অবাধ প্ৰচলনৰ ফলত এই অঞ্চলসমূহত এনেধৰণৰ অপৰাধমূলক ঘটনা নিতৌ সংঘটিত হবলৈ ধৰিছে ।

Leave A Reply